আগকথা

অসমীয়া সাহিত্যপ্ৰেমী ৰাইজ, নমস্কাৰ লব। অসমীয়াগল্প ব্লগস্পত ডট কমত অসমীয়া গল্প, কবিতা, প্ৰৱন্ধৰ পঢ়াৰ উপৰিও অসমৰ সাধাৰণ জ্ঞানৰ বিষয়েও জনাৰ সুবিধা পাব। ইয়াত প্ৰকাশৰ বাবে আপোনাৰ নিজে লিখা গল্পটো আৰু কবিতাটো পঠাব পাৰে মনত ৰাখিব আপোনি পঠাৱাৰ গল্পটো বা কবিতাটো আগতে কতো প্ৰকাশ হব নালাগিব। ইয়াত প্ৰকাশ হোৱা গল্প আৰু কবিতা কোনোৱে বিনা অনুমতিত অন্য ঠাইত বা আলোচনীত প্ৰকাশৰ বাবে নিব নোৱাৰিব। শেষত আপোনালোকলৈ ধন্যবাদ আৰু আপোনালোকৰ মৰমে যাতে এই ব্লগতো অধিক জনপ্ৰিয় দিশলৈ লৈ যায় তাৰ কামনাৰে।

Sunday 25 December 2011

মোৰ গাঁৱ মোৰ জীৱন (খণ্ড এক)


মই এনে এখন গাৱঁৰ কাহিনী কবলৈ ওলাইছো যিখন গাঁৱ আজিৰ সমাজত বিচাৰি পাবলৈ খুৱেই কঠিন হব। কিন্তু পুৰণা হলেও গাঁৱৰ সহজ-সৰল মানুহৰ চৰিত্ৰখিনিয়ে মোক সদায়ে মোহিত কৰি আহিছে। মইয়ো এনে এখন গাঁৱৰে কাহিনী, কেইটামান চৰিত্ৰক লৈ কিছুমান সজীৱ আৰু কিছুমান কাল্পনিক ঘটনাৰ সংমিশ্ৰণ ঘটাই ধাৰাবাহিক ভাৱে আপোনালোকৰ ওচৰত বণর্না কৰি যাম।


গৰু মহ চাবলৈ এৰিলি
হাতৰ এচাৰি হেৰুৱালি
মোৰ জান ঐ
আলি মুৰত বহি বহি
কালৈ চিঠি লিখিলি!
আঘোন মাহ। ৰাতিপুৱা ওলাই অহা ওমাল ৰদজাক পিঠিত লৈ গাঁৱখনৰ জিয়ৰী বোৱাৰী সকলে পকি সোনালী বৰণ ধৰা ধান দাবলৈ পথাৰলৈ ওলাই আহিছে। তিলেশ্বৰে উদং পিঠিটোত ৰদ লৈ চোতালতে বহি তঙাল তোলাই আছিল। মহৰিদাইতিৰ মাত শুনিয়ে সি গোহালিৰ পৰা গৰু কেইটা খুলি ওলিয়াই আনিলে। আজি সিহঁতৰ গৰু চৰোৱাৰ পাল পৰিছে। তাৰ লগত আজি আছে গাঁৱৰে মহৰি দাইটি। মহৰি দাইটিয়ে কোনোদিনে মহৰিৰ কাম কৰি পোৱা নাছিল যদিও গাঁৱৰ সকলো মানুহে তেঁওক মহৰি বুলি মাতে কাৰণে সিয়ো তেওঁক মহৰি দাইটি বুলিয়ে মাতে।
ঐ তিলে, কত কি কৰি আছগৈ, বেলি ওলাই মুৰৰ ওপৰ পালেহি, গৰুবোৰ ওলিয়াই আনিবলৈ দেখা নাই। মহৰিয়ে তাক পদুলিমুখৰে পৰা মাতিলে।
গৈছো দাইটি সি গৰুবোৰ এফালৰ পৰা সুৰসুৰাই খেদি আনিবলৈ ধৰিলে। মহৰি দাইটিয়ে তাক কথাই কথাই গালি দিয়ে যদিও সি তেওঁক অকনো তেওক বেয়া নাপায়। বৰং তেওঁৰ লগত থাকি তেওঁ ভালহে পায়, অৱশ্যে ইয়াৰ অন্য এটা কাৰণো আছে।
তিলেশ্বৰে গাত বনিয়নটো সুমুৱাই সিহঁতৰ চুবুৰীটোৰ প্ৰত্যেকৰে ঘৰৰ পৰা গৰুবোৰ খুলি আনি পথাৰৰ মাজৰ আলিটোৱেদি নৈৰ পিনে খেদি লৈ গল। গাঁৱখনৰ প্ৰত্যেক ঘৰতে বলদ এহাল, এজনী বা দুজনী গাই গৰু আৰু সিহঁতৰ পোৱালীবোৰৰ সৈতে কমেও চাৰি পাচটাকৈ গৰু থাকে। সাধাৰণতে সিহঁতে নৈৰ কাণৰ বৃহৎ চাপৰিটোৰ মাটিখিনিতে গৰুবোৰ চৰাবলৈ নিয়ে। কেইদিনমানৰ পিছতে পথাৰত ধান দাই মুকলি হোৱাৰ পিছত গৰু চৰোৱাৰ বিষয়ে বেচিকৈ চিন্তা কৰিব লগা নাথাকে, গৰুবোৰ পথাৰত চৰিবলৈ মেলি দিলেই হল। পিছত ঘৰৰ গৰু ঘৰলৈ গুছি আহে।
সিহঁতে গৰুবোৰ খেদি নি চাপৰিখনৰ ওচৰত মেলি দিলে। গৰুবোৰেও যেন বুজি পোৱা হৈছে, সিহঁতে কত চৰিব লাগে, কি কৰিব লাগে, কি কৰিব নালাগে ইত্যাদি কথাবোৰ। কিন্তু তাৰ মাজতো কেইটামান দুষ্ট প্ৰকৃতিৰ গৰু আছে যি কেইটাই জানি শুনিও লোকৰ জেউৰা ভাঙিব খুজে নতুবা কাৰোবাৰ ঘৰত খাব নলগা বস্তুবোৰ খাবলৈ সুবিধা বিচাৰি ফুৰিব, যাৰ ফলত সিহঁতৰ নিচিনা গৰখীয়াবোৰৰ মুৰ কামোৰণি হয়। অৱশ্যে ইয়াৰ ফলত সিহঁতৰ পিঠিত হলোৱা এছাৰিয়ে কেইটামান কোব মৰাৰ বাহিৰে অন্য কাম নাথাকে। তাৰ পিছত সিহঁতৰ পিঠিৰ ফৰফৰণি মাৰ নোযোৱালৈকে দুনাই এনে কাম কৰিব নিবিচাৰে।
তিলেশ্বৰে গৰুবোৰ চাপৰিখনে এৰি দি পিছলৈ ঘুৰি চালে। মহৰিদাইটি তাৰ লগত নাহিল, হয়তু কাৰোবাৰ ঘৰত তামোল চাহপানীৰ জুতি লবলৈ সোমাল। সি যদি তেওঁৰ এটা কথাই বেয়া পায় সেইটো হৈছে, কেতিয়াবা যদি দুয়োজনে একেলগে কিবা কাম কৰিব লগা তেতিয়া সমস্ত কামৰ দায়িত্ব তাক দি মানুহজন হথার্তে অন্তধ্যান হৈ যায়। সি টেপুৰামৰ ওচৰৰ পৰা উপন্যাস কিতাপ এখন পেণ্টৰ জেপতে ভৰাই লৈ আনিছিল। আধাপঢ়া উপন্যাসখন পঢ়ো বুলি সি কিতাপখন উলিয়াই ললে আৰু বননিৰ ওপৰতে পেট পেলাই শুই লৈ কিতাফখন পঢ়ি গল।
ঐ তিলে কত মৰি আছ, দেখা নাই সৌ কজলা গৰুৱে দেৱেশ্বৰৰ ঘৰৰ জেউৰা ভাঙিলে
হথার্তে মহৰি দাইটিৰ মাত শুনি সি উপন্যাসৰ পাতৰ পৰা মুৰ তুলিলে। সিহঁতৰ গৰুৱে জেউৰা ভাঙিছে। উপন্যাসখন বননিৰ উপৰতে পেলাই থৈ সি হাতত হলোৱা এচাৰি ডাল লৈ দেৱেশ্বৰ হতৰ ঘৰৰ ফালে দৌৰ মাৰিলে, উদেশ্য কজলাক ইয়াৰ এটা উচিৎ ফল দিয়া।
দাইটি আপোনি অলপ চাবচোন দেই! মোৰ খুৱ পানী পিয়াহ লাগিছে, আজি ঘৰৰ পৰা পানী আনিবলৈও পাহৰি গলো। মই পানী খাই আহো। এইবুলি কৈ সি হাতৰ এচাৰি দলিয়াই ঘৰৰ ফালে দৌৰ দিলে। পথাৰৰ আলিয়েদি আহি থাকোতে বাটতে যতীনে লগ পাই সুধিলে, তিলেশ্বৰ ককাইদেৱ, ইমান উধাতু খাই কলৈ যায়, আজি আপোনাৰ গৰু চৰোৱাৰ পাল পৰা নাই জানো, আপোনি নাই যোৱা নেকি”? সি মাথো গৈছো বুলি কৈ একেলৰে আহি মহৰি দাইটিৰ ঘৰৰ পদুলিমুখ পালেহি। পদুলীৰ জপনাৰ পৰাই সি ভিতৰলৈ জুমি চাই দেখিলে, ঘৰৰ দুৱাৰ বন্ধ।
তিলেশ্বৰ, কাক বিচাৰিছ, মহৰি গৈছে গৰু পাললৈ আৰু কাচনহত ধান দাবলৈ গৈছে। তাক মহৰিহতৰ ঘৰৰ পদুলিমুখত ৰৈ থকাৰ দেখি ওচৰৰে পদুমীৰ মাকে কলে। সি তাইৰ কথাৰ কোনো উত্তৰ নিদি পতাৰৰ ফালে আগুৱাই গল।
ঐ তিল ককাইদেউ, তাত কি বিচাৰিছা, টেঙা খাবা নেকি এইফালে আঁহা। পথাৰৰ মাজৰ পৰা কোনোবাই মাত লগালে। সি ইফালে সিফালে চালে। সেইয়া কাচনে মাত লগাইছে। অন্য কোনোবাই তাক তিল বুলি মাতিলে বৰ খং উঠে, কিন্তু কাচনে মাতিলে তাৰ খং নুঠে। কাচনহতে পথাৰৰ নৰানিৰ মাজত বহি টেঙা কাটি আছে। সি খৰ খোজেৰে তাহাঁতৰ ফালে আগুৱাই গল।
কি হে তিলে, তুমিনো এই দুপৰীয়াখন কি বিচাৰিনো পথাৰৰ ফালে আহিলা”? কাচনৰ মাকে তাক দেখি কলে।
নাই খুড়ীদেউ এনেয়ে এইফালে আহিলো। সি কাচনৰ মাকক খুড়ী সম্বোধন কৰে।
এইয়া লোৱা টেঙা। কাচনে তাক নিমখ জলকীয়াৰ সৈতে টেঙা এফাল দিলে। তিল ককাইদেউ, আমাৰ ঘৰত ৰাবাব টেঙা বহুত লাগি আছে, তুমি আমাৰ ঘৰলৈ আহিলে লৈ যাবাহি। কাচনে কলে।
তিলে আজি তোমালোকৰ গৰু চৰোৱাৰ পাল পৰা নাই জানো, তুমি নগলা নেকি”? কাচনৰ মাকে সুধিলে।
অ মৰিলো! সি কাচনৰ মাকৰ কথাষাৰ শুনি হাতখন কপালত ঢকিয়াই জাপ মাৰি উঠিল আৰু তাৰ পিছত নৰানিৰ মাজেৰে তৰা-নৰা ছিঙি ঢপলিয়াবলৈ ধৰিলে। তাৰ অৱস্থা দেখি কাচন আৰু কাচনৰ মাকে হাঁহিবলৈ ধৰিলে।
                      .......................
আবেলী লৰালৰিকৈ গোহালীত গৰুকেইটা বান্ধি কান্ধত বিৰিয়াডাল আৰু ৰাতিপুৱা তোলাই থোৱা তঙাল কেইডাল লৈ তিলেশ্বৰে পথাৰলৈ ওলাই গল। আবেলীৰ আকাশত বেলিয়ে হেঙুলীয়া বৰণ ধৰিছে। ডাঙৰি কেইভাৰ আজিয়ে আনি থব লাগিব, অকস্মাৎ ৰাতি বৰষুণ আহিব লাগিলে ধানকেইটা নষ্ট হব। অকলশৰীয়া মানুহ সি, ঘৰত মাক আৰু ভনীয়েক দুজনী, সেয়ে ঘৰৰ সকলো কাম সি অকলে চম্ভালিব লগা হয়। অলপ কষ্ট হয়, কিন্তু সি এই কষ্টক কষ্ট বুলি নাভবে, কষ্ট কৰি সি ভাল পায়।
পথাৰত এতিয়াও কিছুমান দাৱনীয়ে ধান দায়ে আছে। কোনো কোনো ঘৰলৈ ওভটিছে। বেছিভাগ পথাৰতে ধান দোৱাৰ পিছত কেৱল নৰাখিনিহে বাকী আছেগৈ। হয়তু দুই এদিনৰ পিছতে সকলোৱেৰ ধান দোৱাৰ শেষ হব। পথাৰৰ পৰা তাৰ ভনীয়েক সোনতৰা আৰু বগীতৰা ও ওভটিছে। মাক অৱশ্যে আগতে গল। মাকে চাহ তামোল ভাতৰ যোগাৰ কৰোতেই দিনটোৰ সৰহভাগ সময় যায়গৈ। তিলেশ্বৰ হতৰ পৈতৃক সম্পত্তি বুলি খাবৰ জোখাৰে খেতি মাতি কেইডৰামান আছে। খেতি সি নিজেই কৰে, পৰিশ্ৰমী মানুহ সি। অৱশ্যে কঠিয়া পৰা, ন-ভুঁই কৰা কিছুমান কামত গাঁৱখনৰ মানুহে ইঘৰে সিঘৰক সহায় কৰি দিয়া এটা নিয়ম আছে। বি. এ. পাছ কৰি ঘৰতে খেতি আৰু বেপাৰ কৰি পৰিয়ালটো পোহ পাল দি আছে। মাক আৰু ভনীয়েক দুজনীক ঘৰত অকলে এৰি থৈ সি কলৈকো যাব নোৱাৰে। কলেজত পঢ়ি থাকোতেই পিতাকে সিহঁতক এৰি থৈ গুছি গল। বহু কষ্টৰে দুই এটকা উপাজর্ন কৰি সি কলেজীয়া শিক্ষা শেষ কৰিলে। ডাঙৰজনী ভনীয়েক সোনতৰাই মেট্ৰিক পাছ কৰি কলেজত নাম লগাইছিল যদিও অর্থৰ অভাৱত পৰীক্ষা দিয়াব নোৱাৰিলে। সৰুজনী ভনীয়েক বগীতৰাই যোৱাবছৰ মেট্ৰিক পৰীক্ষা পাছ কৰি কলেজত পঢ়াৰ নামকে নুলিয়ালে।
তিল ককাইদেউ, আপোনি যে সৌফালে পথাৰত ডাঙৰি বান্ধি এইফালে গুছি আহিল, কথাটোনো কি”?
হথাতে কাৰোবাৰ মাত শুনি সি মুৰ তুলি চালে। এইয়া দেখোন কাচন! সি কিনো চিন্তা কৰি এইখিনি পালেহি ধৰিবকে নোৱাৰিলে। সি কাচনৰ কথাৰ উত্তৰ নিদি তাইক সুধিলে-কাচন, তোৰ এতিয়াও ঘৰলৈ যাবৰ হোৱা নাই, সকলোবোৰ দেখোন গলেই
মই এইয়া যাবলৈ উঠিলোৱেই। তাই মুৰৰ গামোচাৰ ওৰণিটো খুলি ললে আৰু পথাৰৰ পৰা আলিলৈ উঠি আহিল। সি কাচনৰ মুখলৈ চালে। আবেলীৰ বেলিৰ ৰঙা আভা পৰি তাইৰও মুখখন ৰক্তিম দেখা গৈছে।
কাচন, তহতৰ আজি ডাঙৰি বান্ধিছে নাই” ? সি এনেয়ে সুধিলে।
পিতায়ে বান্ধি আছে, ডাঙৰি কঢ়িয়াবলৈ গোপালক মাতিছিল, কিন্তু সিহে দেখোন এতিয়ালৈকে অহা নাই। আজি পিতাই গৰু পাললৈও গৈছিল নহয় দেৰীয়ে হল। তাই কলে।
অ আজি গোপাল অহাৰ আশা নাই, তাক মই অলপ আগতে মনেশ্বৰকায় ঘৰৰ সকামলৈ যোৱা দেখিছিলো
তেনেহলে দেখোন আজি বিপদে হল। পিতায়ে জানো ইমানবোৰ ডাঙৰি অকলে কঢ়িয়াব পাৰিব”! কাচনে চিন্তাক্লিষ্ট মুখেৰে তাৰ চকুলৈ চাই কলে।
মই আছো নহয়, আজি মই তোমালোকৰ ডাঙৰি কঢ়িয়াই দিম। সি কলে।
কিন্তু তোমাৰে দেখুন ডাঙৰি আছে, নালাদে দিয়া। কাচনে কলে।
মোপ বেছি নহয়, কেইভাৰমানহে হব
কিন্তু তোমাৰ কষ্ট নহব জানো” ? তাই আকৌ কলে।
মোৰ কষ্টৰ কথা তুমি চিন্তা কৰিব নালাগে নহয়। এতিয়া বলা সোনকালে। তিলেশ্বৰে কান্ধত বিৰিয়াডাল তুলি ললে আৰু কাচনক আগত লৈ মহৰিয়ে ডাঙৰি বান্ধি থকাৰ ফালে আগবাঢ়ি গল। কিয়জানো, কাচনৰ কথা কোৱা ভঙ্গী, চাল-চলন, দুচকুৰ হাঁহি এই সকলোবিলাক তাৰ ভাল লাগে। সি সদায় ভাৱে কাচন যেন তাৰ কাষতে থাকক, তাই কাষত থাকিলে সি দুখ কষ্ট সকলো পাহৰি থাকিব পাৰে।
তিলেশ্বৰে কাচনহতৰ ডাঙৰিকেইভাৰ আনি শেষ কৰে মানে আবেলীৰ বেলি ডাৱৰৰ সিপাৰে লুকাল। কাচনৰ মাকে তাক জলপান খাবলৈ বৰকৈ জোৰ কৰিছিল যদিও পেটত ভোক থকা সত্বেও সি নাখালে। তাৰ ঘৰৰ মাতিৰ ডাঙৰি আনিবলৈ আছেই। বিৰিয়াডাল হাতত লৈ সি খৰখোজেৰে নিজৰ মাটিকেইডৰা ফালে আহিল।
পথাৰৰ ডাঙৰি কেইটা কি হল। অলপ সময়ৰ আগতে সি নিজ হাতেৰে ইয়াতে ডাঙৰিকেইভাৰ বান্ধি থৈ গৈছিল। এইখিনি সময়ৰ ভিতৰতে তাৰ পথাৰৰ পৰা ডাঙৰি কেইটা কোনে নিলে। কোনোবাই তাৰ লগত দুষ্টামি কৰিছে নেকি! তিলেশ্বৰে বান্ধি থৈ যোৱা ডাঙৰিকেইটা নেদেখি আচৰিত হৈ ভাবিলে, তাৰপিছত সময় অপচয় নকৰি সি লৰালৰিকৈ ঘৰলৈ ৰাওনা হল।
ককাই, তই দেখোন হাতত খালি বিৰিয়াডাল লৈহে আহিলি। সোনতৰাই তাক দেখি মাত লগালে। সি তাইৰ কথালৈ ভ্ৰুক্ষেপ নকৰি আগুৱাই আহি দেখিলে নাদপাৰত যতীনে ভৰি হাত ধুই আছে, আৰু সি বান্ধি থোৱা ডাঙৰি কেইভাৰ ভৰাঁলৰ গাধৰিত উঠি আছে। তাৰ ঘটনাটো বুজিবলৈ বাকী নাথাকিল, তথাপিও সি সুধিলে-যতীন, তই ইয়াত কি কৰিছ” ?
তিলেশ্বৰ ককাইদেউ আপোনি এতিয়াহে আহিছে নেকি, যি কি নহওক আজি আপোনালোকৰ ডাঙৰি কেইভাৰ ময়ো আনিলো। যতীনে হাত ভৰি ধোৱা শেষ কৰি কলে। তিলেশ্বৰে তাৰ কথালৈ কাণ নিদি নাদপাৰৰ পৰা ঘৰৰ বাৰাণ্ডাত উঠিলেহি।
তোক কাচনহতৰ ঘৰত ডাঙৰি কঢ়িয়াই থকা দেখি যতীনেই ডাঙৰি কেইভাৰ লৈ আহিলগৈ। ভালে হল দে তোৰো কষ্ট অলপ কমিল। তিলেশ্বৰৰ মাকে ৰান্ধনী ঘৰৰ পৰা কলে।
মই নাথাকিল বুলিয়েই তই আন কাৰোবাক ডাঙৰি কঢ়িয়াবলৈ কবলৈ কি দৰকাৰ। মই এনেয়ো আনিলোহেতেন”! তিলেশ্বৰে উস্মাৰে কলে।
তোক কাচনহতৰ ঘৰলৈ মতা দেখিহে যতীনককাইদেৱে আনিলেগৈ, তাতেনো তোৰ কি জগৰ লাগিল। এইবাৰ বগীতৰাই মাত লগালে।
মোক কোনেও মতা নাই মই নিজেহে সিহঁতৰ ঘৰলৈ ডাঙৰি কঢ়িয়াবলৈ গৈছিলো। তিলেশ্বৰে কলে।
আমিও যতীনককাইদেৱক মতা নাই, তেওঁ নিজেই আহিছে। বগীতৰাই আকৌ কলে।
ককাইদেৱ আপোনি যদি নমতাকে কাচনহতৰ ঘৰত ডাঙৰি আনিব যাব পাৰে, মইনো কোনেও নমতাকে ইয়াত ডাঙৰি আনিব আহিব নোৱাৰিম কিয়। চোতালৰ পৰা সকলো শুনি থকা যতীনে এইবাৰ মাত লগালে।
মোৰ পথাৰ, মই খেতি কৰিছো, মই ডাঙৰি বান্ধিছো, ইয়াৰ পিছত মই আন মানুহ সোমোৱাটো পচন্দ নকৰো। তিলেশ্বৰে এইবাৰ খঙেৰে কলে।
খুড়ীটি মই যাওহে”! যতীন যাবলৈ উঠিল।
ৰবা, তোমালৈ জলপান উলিয়াইছো নহয়”! বগীতৰাই ভিতৰৰ পৰা কলে।
আজি নাখাও দিয়া, মোৰ দেৰী হৈছে। এইবুলি কৈ যতীন পদুলিমুখ পালেগৈ।
জলপান মোক দে মই খাও তিলেশ্বৰে ডাঙৰকৈ কলে।
লৰাতোক তই এনেদৰে খেদি পঠিয়াব লাগেনে! সিতো উচিত কথাকে কৈছিল। বেচেৰাটোৱে ডাঙৰি কেইভাৰ আনি জলপানটো নোখোৱাকৈ গুছি গল। মাকে কলে।
জলপান দিলো এইয়া! সোনতৰাই ভিতৰৰ পৰা তাক জলপান খাবলৈ মাতিলে। সি গৈ পদুলিমুখ পালেগৈ। আলিলৈ চালে, যতীন গৈ বহুদুৰ পাইছেগৈ। ছেঃ সি বাৰু তাক বেচিকৈয়ে কলে নেকি! যতীন লৰাটো বেয়া নহয় কথাবতৰাই। কলেজত পঢ়ি আছে, সকলোৱেৰ লগত মিলিজুলি থাকিব পাৰে। তিলেশ্বৰ ভিতৰলৈ সুমাই আহিল।
পিছৰ খণ্ড অহা মাহত...

Wednesday 21 December 2011

ছলনা

অৰুণে ৰুণাৰ কপালত এটা দীঘলীয়া চুমা দি নিজৰ বিলাসী গাড়ীখনত বহিলগৈ। তাৰপিছত গাড়ীৰ পৰাই আকৌ হাতেৰে ৰুণালৈ বুলি পুনৰ এটা চুমা যাচিলে। ৰুণাই ও তাইৰ হাতখন জোকাৰি অৰুণক গুডবাই দিলে।
অৰুণ আজি খুবেই সুখী। কি নাই আজি অৰুণৰ ওচৰত! টকা-পইচা, সা-সম্পত্তি, ঘৰ-দুৱাৰ, ধুনীয়া পত্নী সকলো আছে। মনৰ আনন্দত তাৰ মুখৰ পৰা অজানিতে হিন্দী গানৰ কলি এটা ওলাই গল। গানটো গুণগুণাই সি কাৰখন তীব্ৰ গতিত চলাই নিলে আজি নতুনকৈ উদ্ধোধন কৰিবলৈ যোৱা তাৰ নতুন চাহ ফেক্টৰিটোৰ ফালে। ৰুণাক বিয়া কৰোৱাৰ পিছৰে পৰা তাৰ জীৱনেই গতিয়েই সলনি হৈ গল। সি এতিয়া তাইৰ ওচৰত বিচাৰি পাইছে যি খিনি তাৰ প্ৰথমা পত্নী মিতালীয়ে দিব পৰা নাছিল। ৰুণাক সি বিয়া কৰোৱাৰ বৰ বেছিদিন হোৱা নাই, মিতালীৰ মৃত্যুৰ এমাহৰ পিছতে সি ৰুণাক বিয়া কৰাইছে। সি ভাবিলে এবাৰ মিতালীৰ কথা, ধন সম্পত্তি বাহিৰে তাক অন্য আৰু কি বস্তু দিব পাৰিলে। আজি মিতালীৰ মৃত্যুৰ দুমাহৰ পিছতো সি অলপ সময়ৰ বাবেও তাইৰ অভাৱ অনুভৱ কৰিব পৰা নাই একমাত্ৰ তাৰ বতমার্নৰ পত্নী ৰুণাৰ মৰমৰ বাবেই। কোনো ক্ষোভ নাই মিতালীৰ মৃত্যুত, বৰঞ্চ সি আজি সম্পূর্ণ সুখী ৰুণাৰ নিচিনা এগৰাকী জীৱন লগৰী পাই। অৰুণ আৰু ৰুণা, আঃ কি যে এক অদ্ভুত মিল আছে নাম দুটাৰ লগত। ৰুণাই সচাকৈয়ে কয়, সি কেৱল তাইৰ বাবে আৰু তাই কেৱল তাৰ বাবে।
অৰুণৰ মনলৈ কিছুমান পুৰণি কথা আহিল। মৃত্যুৰ পিছত আজিয়ে প্ৰথমবাৰৰ বাবে তাৰ স্বগর্গামী পত্নী মিতালীৰ কথা মনলৈ আহিল। মিতালী আছিল তাৰ প্ৰথমা পত্নী আৰু কোটিপতিৰ একমাত্ৰ জীয়েক। আনফালে তাইৰ তুলনাত সি বাটৰ ভিকহু আছিল বুলি কলেও বেছি কোৱা নহয়। মনে মনে সি তাইক ধন্যবাদ জনালে আজি তাক এনে এটা জীৱন দি থৈ যোৱাৰ বাবে। কি চাইনো মিতালীয়ে তাৰ নিচিনা এটা বাটৰ ভিকহুক বিয়া কৰালে সি আজিও ভালদৰে বুজি নাপালে। সেই সময়ত সি তাইৰ বাপেকৰ কায্যালয়ত কাম কৰা এজন সাধাৰণ কমর্চাৰিহে আছিল। কিন্তু সি নিসন্দেহে কব পাৰে যে তাৰ ওচৰত পুৰুষসুলভ এটা ধূনীয়া চেহেৰা আছে। কলেজত পঢ়ি থকা সময়তে তাৰ পিছে পিছে ঘুৰি ফুৰা ছোৱালীৰ জাকতোৰ পৰাই সি এই কথা অনুমান কৰিব পাৰিছিল। হয়তো মিতালীয়েও তাৰ এই পুৰুষ সুলভ চেহেৰাত মোহ গৈয়ে তাৰ পৰা প্ৰেম বিচাৰি তাৰ লগত বিয়াত বহিছিল। কিন্তু তাৰ আচলতে চকু আছিল মিতালীৰ আৰু তাইৰ দেওতাকৰ সম্পত্তিৰ ওপৰত, গতিকে বিয়াৰ প্ৰস্তাৱত সি অমান্তি হোৱাৰ প্ৰশ্নই নাছিল। অৱশ্যে প্ৰথম অৱস্থাত তাৰ নিচিনা নিম্নখাপৰ এজন কমর্চাৰিক মিতালীৰ দেওতাকে জোৱাঁই কৰি লবলৈ আপত্তি কৰিছিল। কিন্তু একমাত্ৰ জীয়েক মিতালীৰ জিদৰ ওচৰত বাপেকে সোনকালে হাৰ মানিছিল। তাইৰ কথামতে সি তাৰ নামৰ পিছৰ উপাধিটো হেৰুৱাই তাইৰ পৰিয়ালৰ লগত একেলগে থাকিবলৈ লৈছিল আৰু কায্যালয়টোৰ নিম্নবর্গৰ কমর্চাৰী পয্যায়ৰ পৰা একেছাতে সি মালিকৰ শাৰীলৈ পদ্দোন্বিত হৈছিল। তাৰ পিছৰ পৰা সি বিশ্বাস কৰিবলৈ ললে যে মিতালীৰ দেওতাকৰ পিছত এই সমস্ত সম্পত্তিৰ মালিক কেৱল সিয়ে। আৰু ই সত্যও, সিহঁতৰ বিয়াৰ কিছুদিনৰ পিছতে মিতালীৰ দেওতাকৰ হৃদৰুগত মৃত্যু হয় আৰু তাৰ পিছৰেপৰা এই সমস্ত কায্য সিয়ে চম্ভালিব লগা হয়। মিতালী আৰু তাৰ যুগ্ম জীৱন পিছৰ দুটা বছৰৰলৈকে খুৱ ভালদৰে গৈছিল। সেই সময়ত সি অনুভৱ কৰিছিল, ভগৱানে তাক সকলোখিনিয়ে দিছে। মিতালী দেখিবলৈ বৰ আকর্ষণীয় নহলেও তাই তাক প্ৰাণভৰি ভাল পাইছিল। সিহঁতৰ দুজনীয়া পৰিয়ালটো কেৱল সুখ আৰু শান্তিৰ মাজৰেই পাৰ হৈ গৈছিল।
সেই সময়তে কোনোৱা এটা পাটির্ত লগ পাইছিল ৰুণাক। ৰুণা তাৰ চহৰখনত ককায়েকৰ লগত নতুনকৈ থাকিবলৈ আহিছিল। ৰুণাৰ লগত তাৰ প্ৰথম সাধাৰণ চিনাকী যদিও প্ৰথমৰে পৰা তাৰ ৰুণাক ভাল লাগিছিল আৰু লাহে লাহে তাইৰ লগত অন্তৰগতা অধিক হৈ পৰিল। প্ৰথমতে কোনোৱা প্ৰাইভেত কোম্পানীত সৰু চাকৰি কৰা ৰুণাক সিয়ে তাৰ কায্যালয়ত তাৰ ব্যক্তিগত সহায়ক হিচাপে অন্তভুক্ত কৰিলে। তাৰ পিছৰে পৰা ৰুণাৰ লগত তাৰ সম্পর্ক অধিক মধুৰৰ পৰা মধুৰতম হৈ পৰিল। ৰুণা তেতিয়া তাৰ বাবে কেৱল কায্যালয়ৰ সহায়কে নহয় এগৰাকী বান্ধৱী আৰু তাইক জীৱন সংগী কৰি লোৱাৰও সপোন দেখিছিল। সি ৰুণাৰ ওচৰত সি সকলো খিনিয়ে বিচাৰি পাইছিল যিখিনি হয়তো মিতালীয়ে তাক দিব পৰা নাছিল। ৰুণা মিতালীৰ তুলনাত দেখিবলৈ কেইবাগুনে ধূনীয়া, আৰু এই ৰূপত ডুব গৈ থাকি সি পাহৰি গল যে সি এজন বিবাহিত পুৰুষ। ৰুণাৰ সংগতে সি পৃথিৱীখন নতুন চকুৰে দেখিবলৈ আৰম্ভ কৰিলে। সি ভাবিলে মিতালীয়ে কেৱল তাক টকাহে দিব পাৰিলে কিন্তু দিব নোৱাৰিলে এজন পুৰুষে বিচৰা সকলোখিনি। দিব পাৰিছেনে ৰুণাৰ দৰে বুকু ভৰাই মৰম! সি ৰুণাক বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দিলে। কিন্তু মিতালীৰ জীৱিত থকাৰ অৱস্থাত সি ৰুণাক বিয়া কৰাব কেনেকৈ! ৰুণাক বিয়া কৰাবলৈ মিতালীক ডাইভোচ দিয়াৰ তাৰ সাহষ নাছিল কাৰণ চতুৰ মিতালীৰে সকলো সম্পত্তি তাইৰ নিজৰ নামত কৰি থৈছিল। সি তাইক তেতিয়া বিবাহ-বিচ্ছেদ দিলে সি পুনৰ বাটৰ ভিকহু হব লাগিব কাৰণ সি ভালকৈয়ে জানে মিতালীয়ে তাক ডাইভোছৰ পিছত তাইৰ অজস্ৰ সম্পত্তিৰ এক ফুটাকড়িও নিদিয়ে। ইফালে বাটৰ ভিকহু এটাক জানো ৰুণাই বিয়া কৰাব! তেনেহলে মিতালীৰ মৃত্যুৰ পিছতহে সি ৰুণাক বিয়া কৰাব পাৰিব।
পৰিকল্পনাটো সিহঁত দুয়োটাই মিলি কৰিছিল। এদিন হথার্তে মিতালীৰ গা ভাল নাইকীয়া হল। সাধাৰণ আৰম্ভনি যদিও লাহে লাহে মিতালীৰ গা অধিক বেয়াৰ ফালে যাবলৈ ধৰিলে। ডাক্তৰৰ একো ঔষধে মিতালীক ভাল কৰিব নোৱাৰিলে আৰু এদিন মিতালীয়ে একো নজনাকৈয়ে চকু মুদিলে। মিতালীৰ মৃত্যুৰ পিছত তাইৰ সকলো সম্পত্তিৰ মালিক সিয়ে। তাৰ পিছত সিহঁতক পায় কোনে! তেতিয়া পৰা সি আৰু মিতালী সম্পূর্ণ সুখী। এই যে আজি হাতত টকাৰ ব্ৰীফকেচ্ আৰু বিলাসী গাড়ী চলাই ঘুৰিব পাৰিছে এই সকলোবিলাক মিতালীৰে উপহাৰ। বেচেৰি মিতালী! কথাবোৰ ভাবি তাৰ চকুৰে মুখে হাঁহি এটা বাগৰি গল।
সন্মুখৰ টার্নিংটো ঘুৰাবলৈ সি কাৰখনৰ এস্কেলডাল ঢিলা কৰি ব্ৰেগত ভৰি দিলে, কিন্তু কি আচৰিত! গাড়ীখনে গতি কমাৰ কোনো ইগিংতেই নিদিলে। সন্মুখৰ টানিংটো সি কোনোমতে পাৰ কৰাই কাৰখনৰ ব্ৰেগডাল সি জোৰেৰে হেচা মাৰি ধৰিলে, কিন্তু গাড়ীখনৰ গতি আগতকৈ অধিকহে হল। তাৰ বুজিবলৈ বাকী নাথাকিল যে গাড়ীৰ ব্ৰেকফেইল হৈছে। ফুল স্পীডত গৈ থকা কাৰখন ব্ৰেগ নধৰাকৈ ৰখোৱা যায় কেনেকৈ সি ভাৱি নাপালে। এইবাৰ সি কাৰ দুৱাৰখন টান মাৰি খুলিবলৈ চেষ্টা কৰিলে। অন্তত দুৱাৰেদি ওলাব পাৰিলে ভৰি হাত এখন ভাগিলেও জীৱনটো ৰক্ষা পৰিব। কিন্তু কি আচৰিত! দুৱাৰখনো লক হৈ গৈছে। কথাবোৰ ভাৱি সি আতংকত কপি উঠিল। তাৰ আজি মৃত্যু নিশ্চিত তেনেহলে। তাৰ অবিহনে ৰুণাই কি কৰিব! ৰুণালৈ মনত পৰাত তাৰ কান্দিবলৈ মন গল। সি এবাৰ মনতে ভাৱিলে, আজি কাৰখনত তেল ভৰোৱা হোৱা নাই, যদি এক্সিডেণ্টৰ আগতে তেল শেষ হৈ যায় তেনেহলে সি বাচি যাব। সি ধৈয্য ৰক্ষা কৰি কাৰখন নিয়ন্ত্ৰন কৰি চলাই যাবলৈ ধৰিলে। কিন্তু তেতিয়াই সি সন্মুখৰ ফালৰ পৰা দুখন ট্ৰাক সমানে আহি থকাৰ সি দেখা পালে। এখন ট্ৰাকে তাক গাড়ীৰ স্পীড কমাবলৈ ইংগিত দিলে, কিন্তু সি যে অসহায় ট্ৰাককেইখনে কেনেকৈ বুজি পায়। এতিয়া ট্ৰাকদুখন তাৰ নিচেই সন্মুখত, সি কৰিব নকৰিব ভাবি জোৰেৰে তাৰ গাড়ীৰ ষ্টেৰিং বাওফালে ঘুৰাই দিলে। সি চলাই যোৱা কাৰখনে এজোপা প্ৰকাণ্ড গছত খুণ্ডা মাৰি পথৰ পৰা বহু তললৈ সৰি পৰিল।
অৰুণৰ মৃত্যুৰ পিছত ৰুণা সামাজিক আৰু আইনগত সকলোখিনি কাম-কাজ সোনকালে কৰি শেষ কৰিলে। এক সপ্তাহৰ ভিতৰতে তাই ব্যক্তিগত উকীলজনৰ লগত কথাপাতি সিহঁতৰ সকলো সম্পত্তি বিক্ৰী কৰি দিলে। তাই এই ঠাইত আৰু অধিক দিন থাকিব নিবিচাৰে। ইতিমধ্যে তাই যি বিচাৰিছিল সকলোখিনি কাম সুকলমে কৰি শেষ কৰিলে। তাইৰ কামত সকলো সময়তে সহায় কৰিছিল তাইৰ ককায়েক ওৰফে তাইৰ ব্যৱসায়ী সংগী। ৰুণাৰ নাম আচলতে ৰুণাও নহয়। তাইৰ প্ৰকৃত নাম নায়েই। ভিন্ন ঠাই, ভিন্ন মক্কেলৰ উচৰত ভিন্ন নাম। আকৌ এখন নতুন ঠাইত এটা নতুন নাম লৈ নতুন পৰিকল্পনাৰে এজন নতুন মক্কেলৰ সন্ধানত তাই নামি যাব। বেচেৰা অৰুণে গমেই নাপালে যে তাৰ যে তাৰ কাৰখন প্ৰাকৃতিক ভাৱে ব্ৰেকফেইল হোৱা নাছিল।
সমাপ্ত

Sunday 18 December 2011

তুমি আছা সিটো পাৰে


তাইৰ অনিমেশৰ সৈতে বিয়া হোৱা আজি দুটা বছৰ পাৰ হৈ গল, তথাপি তাই আজিলৈকে বুজি নাপালে অনিমেশক নিছে ওচৰৰ পৰা, নে তাই তাক বুজিবৰ অকনো চেষ্টা নকৰিলে। বিয়া হোৱাৰ আগতে এজনী ছোৱালীয়ে তাইৰ ভৱিষ্যতৰ সংসাৰখনক লৈ কিমান যে সপোন ৰছে, কত ভাৱনাত বিভোৰ হয় তাইৰ সপোন কোঁৱৰজনৰ কথা ভাৱি, কিন্তু তাই বিয়া হোৱাৰ প্ৰথমদিনৰে পৰা অনুভৱ কৰিছে মাত্ৰ যান্ত্ৰনাৰ। তাই যোন কোনোৱা ভুল প্ৰার্থীৰ লগতহে বিয়াত বহিল। তাই সপোনত বিচাৰি ফুৰা কোঁৱৰজনটো অনিমেশ নহয়।
অনিমেশ যে দেখাত কুসিৎ নতুবা বদ-সস্বাৱ আছে তেনে নহয়। হয়তো অনিমেশ তাইতকৈ অধিক ব্যক্তিত্বসম্পন্ন। তথাপিও তাই আজিলৈকে অনিমেশক বুজিবৰ চেষ্টা নকৰিলে, নকৰিলে তাইক আকর্ষণ অনিমেশৰ ব্যক্তিত্বই ,একো উত্তেজনাৰ অনুভৱ নকৰে অনিমেশৰ স্পশর্ত। তথাপিও অনিমেশে তাইক আজিলৈকে একো দুখ দিয়া নাই, কোৱা নাই সি তাইক এষাৰো টান কথা। অনিমেশে প্ৰায়ে তাইক সুধে কি ভাল লাগে  তাইৰ ...তাইও বুজিব পৰা নাই কি কব অনিমেশক, কি কাৰণে অসুখী তাই, তাই যেন নিজে বুজিব খুজিও বাৰে বাৰে ৰৈ যায়।
        এতিয়া নিশা, অনিমেশ তাইৰ কাষৰ বিচনাত। প্ৰথমতে সি তাইক আলিংগনৰ চেষ্টা কৰিছিল যদিও তাই সহাৰি নিদিয়াত শান্ত হৈ শুই পৰিল। তাই অনিমেশৰ শান্তশিষ্ট মুখখনলৈ চালে এবাৰ। তাই তাৰ ওপৰত একো অন্যায় কৰা নাইটো, তাৰ প্ৰতি এনে ব্যৱহাৰ কৰি। কিন্তু কি কৰিব তাই, তাই যে অসুখী। তাইৰ এই ব্যৱহাৰ ইচ্ছাকৃত নহয়, আগতে বহুবাৰ চেষ্টা কৰিছে তাই অনিমেশক মৰমেৰে আকোৱলী লোৱাৰ কিন্তু তাই যে পৰা নাই। সি তাইৰ অধিক ওচৰ চাপি আহিলেই তাইৰ মনত কিছুমান খেলিমেলিৰ সৃষ্টি হয়, সিহঁতৰ মাজত সুমাই পৰে তৃতীয় এজনৰ এখন মুখ। কাৰ মুখ এইখন ? প্ৰথমতে তাই উচাপ খাই উঠে, লাহে লাহে স্পষ্ট হৈ উঠে মুখখন, আৰু সেই মুখখনে সিহঁতৰ মাজত দুৰত্ব বঢ়াই তোলে ক্ৰমান্বয়ে দুৰলৈ।
        আকাশ! এখনি মৰম লগা মুখ তাইৰ বাবে। লাহে লাহে এই মৰম লগা মুখখনৰ অধিকাৰীজনকেই তাইৰ অতিকে আপোন যেন লগা হল। সিহঁতৰ ভাৰাঘৰটোতে থাকিছিল আকাশহতৰ পৰিয়ালতো। অতিকে ভাল লাগিছিল আকাশহতৰ পৰিয়ালৰ প্ৰতিজল লোককে তাইৰ। সিহঁত দুয়োটা পৰিয়াল একেতা যেনেই লাগিছিল তাইৰ। তাই সেইটোকে হোৱাটোকে কামনা কৰিছিল, তাই বিছাৰিছিল আকাশহতৰ পৰিয়ালটোক নিজৰ কৰি লোৱাৰ। তাই ঘন্টাৰ পিছত ঘন্টা আকাশৰ লগত কথাপাতি কটাইছিল, আৰু আকাশে তাই আহিলেই সুখী হৈছিল। দিন আৰু ৰাতি তাই আকাশৰ কথাকে ভাবিছিল, তাই ভাৱিছিল আকাশে তাইৰ ওচৰত প্ৰেম নিবেদন কৰক। কিন্তু...!
        কিন্তু, আকাশে জানো তাইক ভাল পাইছিল ?
        ভাল পাইছিল হয়, কিন্তু তাইৰ দৰে নহয়। আকাশ তাইৰ কাৰণে তাইৰ দৰে তাইক পাবৰ কাৰণে হয়তো পাগল নাছিল। এইয়াই সত্য তাইৰ বাবে, আকাশে তাইক তাইৰ দৰে ভাল পোৱা নাছিল। সেই ভালপোৱা আছিল বন্ধুত্বৰ ভালপোৱা। তাই এই বন্ধুত্বক অপমান কৰিব নুখুজিলে, আৰু সেয়ে তাই আকাশৰ ভালপোৱাক ঠেলামাৰি অনিমেশৰ ওচৰলৈ গুছি আহিল ভালপোৱাক নতুন ধৰনে আকোৱালী লবলৈ। কিন্তু তাইৰ ভুল হল। ভালপোৱা যে এবাৰে হয় সেই কথা তাই বুজিব পাৰিলে তাই এই দুবছৰে।
        ৰাতিপুৱা তাই পলমকৈ হাৰ পালে। নিশাটো টোপনি নাহিলেই, আজি ৰাতি আকাশৰ কথা যে বৰকৈ মনলৈ আহিছিল। পিছৰাতিৰ পৰা অলপ টোপনি ধৰিছিল সেয়ে পুৱা শুই উঠাত পলম হল। ইতিমধ্যে অনিমেশে তাইলৈও চাহ তৈয়াৰ কৰি আনিলে। তাই একো সৌজন্যতাবোধ নেদেখোৱালে, অনিমেশেও একো পৰিবর্তন নেদেখিলে।
        কিছু সময়ৰ পিছতে অনিমেশ অফিচলৈ ওলাই গল। ব্ৰেকফাষ্ট তাইয়ে ৰেডি কৰিলে। অনিমেশ যাবৰ সময়ত তাইক মাত লগাই যাবলৈও পাহৰিলে। কিন্তু  তাৰ ওচৰত তাইৰ একো অভিযোগ নাই। তাইক লাগে মাথো এতিয়া নিসংগতা।
দুপৰিয়া টিভিৰ ৰিমর্ট টিপি থকাৰ সময়তে কলিংবেলটো বাজি উঠিল। অনিমেশ আজি সোনকালে ওভটিল অফিচৰ পৰা, এতিয়া তাইক কৰবালে ফুৰিবলৈ লগ ধৰিব। কিন্তু তাইৰ যে আজি কতো যাবলৈ মন যোৱা নাই। বিনা উদ্দেগৰে তাই দুৱাৰ খুলি দিলেগৈ।
আগন্তকক দেখি তাই বৰ আচৰিত হল, থৰ লাগি চাই থাকিল। এইয়া যে আকাশ! আগতেও আকাশ তাইৰ ঘৰলৈ আহে গতিকে আচৰিত হবলগা একো নাছিল। কিন্তু আজি  যে তাই আকাশৰ কথাকে ভাবি আছে। আকাশৰ মাততহে তাইৰ সম্বিৎ আহিল । তাই আকাশক ভিতৰলৈ মাতি নিলে।
এইকেইদিন তোমাৰ কথা বৰকৈ মনত পৰি আছিল সেয়ে গুছি আহিলো তোমাৰ খবৰ এটা লৈ যাও বুলি। মইয়ো এইকেইদিনমান কাম এটাত এই চহৰতে আছো । আকাশে কলে।
কিমান যে মিল আছে আকাশৰ লগত তাইৰ। তাই আকাশৰ কাৰণে চাহ জলপান তৈয়াৰ কৰিলে, তাৰ পিছত ঘৰৰ কথা-বতৰা।
তুমি এতিয়াও বিয়া পতা নাই আকাশ ? সোনকালে ভাল পোৱা ছোৱালী এজনী চাই বিয়াখন পাতি লোৱা। তাই কথাৰ মাজতে কলে।
যেতিয়া ভালপোৱাজন দুৰলৈ গুছি যায়, তেতিয়া কাকোৱে ভাল নলগা হয়। আকাশে দুষেৰে কলে।
সেয়ে কৈছো, সোনকালে ভালপোৱাজনক আদৰি লোৱা। নহলে পিছত বহুত কষ্ট হয়
কিন্তু মই ভালপোৱা গৰাকী ইতিমধ্যে আনৰ হৈ গৈছে। সি গহীন ভাৱেৰে কলে।
মানে তুমি কি কব খুজিছা”?
মই তোমাক ভাল পাইছিলো। আকাশে হথার্তে কলে।
“………”
সচাকে মই তোমাক খুৱ ভাল পাইছিলো কিন্তু মই কব নোৱাৰিলো তেতিয়াই, এতিয়া মই অনুভৱ কৰিছো মই খুৱ অকলশৰীয়া। আকাশে আকৌ কলে।
তাইৰ মুৰত যেন সৰগহে ভাগি পৰিল। কি কৈছে আকাশে এইয়া তাইৰ আগত। সিয়ো তাৰমানে তাইকে ভাল পাইছিল। কিন্তু তেনেহলে কিয় এনে হল। ভগৱানে কিয় সিহঁতৰ ভালপোৱাক নিমিনালে। তাই আকাশৰ চকুলৈ চালে, তাৰ চকুত হৃদয় ভাগি যোৱা বেদনা।কিন্তু এতিয়া যে বহুত পলম হৈ গল আকাশ। তাই ভাবিলে। কিছুসময়ৰ পিছতে আকাশ গুছি গল। যোৱাৰ আগতে তাইক ক্ষমা খুজিলে। সি যোৱাৰ ফালে মাথো তাই চাই থাকিল, একো কব নোৱাৰিলে তাই আকাশক।
সমাপ্ত

Wednesday 14 December 2011

ভূত নে ভ্ৰম


        গাওঁখনৰ সীমামুৰিয়া অঞ্চলেদি পাৰ হৈ যোৱা শিলগুটি দিয়া পথটোৰ বৃহৎ আঁহত গছজোপাই অৱস্থান কৰা ঠাইডোখৰ গাওঁখনৰ জনসাধাৰনে মনতে জয়াঁল বুলি ভাৱে। সাধাৰণতে মুকলি ঠাইডোখৰত আঁহতজোপাৰ তলতে গাওঁখনৰ প্ৰাথমিক বিদ্যালয়খন আৰু তাৰ বিপৰীত ফালে চেনদৈৰ ঘুমতি দোকানখন আছে। সেই ঠাইডোখৰৰ পথটোৰ এটা ফালে বিস্তৃর্ণ পথাৰ, আনফালে দ হোলা আৰু তাৰ পৰা কিছুদূৰতে হাবিখন। সন্ধ্যা সাত বজাৰ পিছতে চেনদৈয়ে দোকান বন্ধ কৰি ঘৰলৈ যোৱাৰ পিছত ঠাইডোখৰ নিমাওমাও হৈ পৰে। অৱশ্যে তাৰ আগৰলৈকে চেনদৈৰ দোকানৰ আগত গাৱঁৰে দুই এটা ডেকা লৰাই কথাৰ মহলা মাৰিবলৈ সদায়ে আহে। বতৰ ডাৱৰীয়াই হওক বা ফৰকালেই হওক, নতুবা পূণির্মাৰ নিশাই হওক বা আঁউসি নিশাই হওক, সেই আঁহতজোপাৰ তলৰ ঠাইখিনি সদায়ে অন্য ঠাইতকৈ কিছু গভীৰ আন্ধাৰ যেন দেখি। সেয়ে যিকোনো খামি ডাঠ মানুহো আঁহতজোপাৰ তলেদি পাৰ হৈ যাওতে কমকৈ হলেও বুকুখন কপি উঠে। কোৱামতে এবাৰ হেনু গাঁৱৰে শৰতক গধূলী বেলিকা সেই আঁহতজোপাৰ তলৰে পৰাই কোনোৱা মানুহ এজনীয়ে মাতি হোলায়েদি হাবিলৈ নি গোটেই ৰাতি তাইৰ লৰা-পোৱালি ৰখিবলৈ দিলে। পিছত ছেগ বুজি সি তাৰ পৰা পলাই আহিহে নিজৰ প্ৰাণ ৰক্ষা কৰিলে। গাওঁখনৰ মানুহৰ মুখত প্ৰচলিত মনে হাবিখনত বহুত মানুহৰ মৰিহালি আছে আৰু ৰাতি হলে সেই মৰিহালিৰ আত্মাবোৰে আঁহতজোপাৰ তলতে জিৰণি লৈয়হি আৰু তেতিয়া বাটে অহাযোৱা কৰা মানুহ লগ পালে অন্য মানুহৰ ৰূপ ধৰি লগত লৈ যায়। গাঁখনৰ বহুত মানুহে সেই আঁহতজোপাৰ তলতে আত্মা বহি থকা, গালৈ কেচমমূতা দলিওৱা, কাষৰ হোলাত জপং জপং কৈ মাছ ধৰি থকা  আৰু হাবিত ধনগুলৈ জুই দেখাবুলি দাবী কৰে যদিও ইয়াৰ প্ৰত্যক্ষ প্ৰমান কাকোৱে দিব পৰা নাই।
        এবাৰ আকৌ কি হল! গাঁৱৰে চেঙেলিয়া লৰা নাম তুলা। সন্ধ্যা সাত বাজি গৈছিলহে। চেনদৈয়ে দোকান বন্ধ কৰি ঘৰলৈ গল। সেইদিনা গাঁৱৰে সিফালৰ মানুহ এগৰত ন-খোৱা সকাম আছিল। সকামৰ ভোজ খাই তুলা ঘৰলৈ অকলেই খোজকাঢ়ি ওভটিছিল। যিহেতু সি ঘৰলৈ যাবলৈ সেই আঁহতজোপাৰ তলেদিয়েই পাৰ হব লাগিব গতিকে হাতত সি বাটৰ পৰা শিলগুটি দুটা বুটুলি ললে আৰু শিলগুটি দুটা যুজাই খিট খিটকৈ বজাই যাব ধৰিলে ভয়টো কমাবৰ বাবে। ইপালে আকৌ ঘৰত সাহিয়াল বুলি দম্ভ মাৰি ফুৰা দেৱক পঠিয়ালে তুলাক সকামৰ ঘৰৰ পৰা আগবঢ়াই আনিবলৈ। দেৱ আহি আঁহতজোপাৰ ওচৰ পাইছেহিহে, এনেতে সি শুনিলে যে আঁহতজোপাৰ তলত কোনোবাই খুঁটি তাল বজাই আছে। সি বুকুত সাহষ বান্ধি সেই ঠাইতে তভক মাৰি ৰৈ শব্দটো মন দি শুনিব ধৰিলে প্ৰকৃততে সেয়া তাল মানুহে বজাইছে নে ভূতে বজাইছে। খন্তেক পিছতে সি ধৰিব পাৰিলে যে শব্দটো লাহে লাহে তাৰফালেই আগুৱাই আহিছে। সি এইবাৰ নিশ্চিত হল যে সেয়া তাক মায়া কৰি নিবৰ বাবেই ভূতেই তাল বজাইছে। ভয়ত দেৱই কি কৰো নকৰো ভাৱি দিলে ওলোটাই লৰ। ইফালে তুলাৰ আকৌ কি হল! সি মন কৰিলে যে তাৰ আগতে অথার্ত আঁহতজোপাৰ তলৰে পৰাই কিবা এটাই জপজপাই তাৰ ফালে খেদি আহিছে। ভয়ত সিও হাতৰ শিলগুটি দলিয়াই বিপৰীত ফালে দিলে লৰ। তাৰ পিছৰ দুদিন দুয়োটায়ে তমোময় জ্বৰ হল। সেইবাৰলৈ বেজ-জ্ঞানী লগাইহে সিঁহতদুটাৰ ৰক্ষা হল।
        গাঁও খনত কেইটামান ভূত প্ৰেত বিশ্বাস নকৰা সাহিয়াল ডেকা লৰাও আছে। সিঁহতে ভূতৰ সন্ধানত আঁহতজোপাৰ তলত কেইবা ৰাতিও কটাইছে বুলি গাঁৱৰ মানুহৰ আগত কয়। ভূত-প্ৰেতটো বাদেই বতাহৰ বাদে অন্য কোনো বস্তুৱে আঁহত গছৰ ডাল-পাত এখিলা লৰোৱা সিঁহতৰ চকুত পৰা নাই।
        গাঁৱৰ তিনিআলি চক্ টোত আড্ডা দিয়াটো অন্য যুবককেইজনৰ দৰে মোৰো এটা নিয়মিত অভ্যাসত পৰিনত হৈছে। আমাৰ আড্ডাত তাচপাতৰ খেলাৰ লগতে ৰাজনীতি, অথর্নীতিৰ পৰা আৰম্ভ কৰি খেল, চিনেমা, ভূত-প্ৰেতৰ লৈকে স্থান পায়। সেইদিনা সন্ধিয়া ভূতৰ কথা আৰু টুৱেন্টি নাইন খেলি ঘৰলৈ ওভটো মানে ন-মানেই বাজিল। লগৰ লগৰীয়াক আড্ডাস্থলীতে এৰি থৈ চাইকেল চলাই ঘৰলৈ বুলি ৰাওনা হলো। ময়ো সেই স্থানৰ পৰা ঘৰ পাবলৈ সেই আঁহতজোপাৰ তলেদিয়ে যাব লাগে যদিও সদায় সন্ধিয়া সেই বাটেৰেই অহা যোৱা কৰি আছো বাবে মোৰ মনত ভয় শংকা নালাগে। সেইদিনা অমাৱস্যা নিশা, বতৰটোও অলপ ডাৱৰীয়া। মানুহবোৰৰ মতে এনে এনেকুৱা নিশাই হেনু এই আঁহতজোপাৰ তলত ভূত ওলাই। গাঁৱৰ মানুহবোৰৰ যে ভয়টো, মোৰ মনে মনে হাঁহি উঠিল। এইবোৰ কথাকে ভাৱি ভাৱি চাইকেল চলাই আহি মই আঁহতজোপাৰ তল পালোহি। হথার্তে গছজোপাৰ ডাল এটা সজোৰে লৰি উঠিল। সমান্য বতাহ বলি আছে যদিও, এই বতাহত গছৰ ডালটো ইমান জোৰেৰ লৰি উঠাটো সম্ভৱ নহয়, তেনেহলে গছজোপাৰ তলত কিবা আছে, দেৱয়ে মোক কোৱা কথাটো সচা। চাইকেল খন মই ব্ৰেক মাৰি ৰখাই দিলো। আঁহতজোপাৰ তলত চুচুক-চামাক কৈ ৰৈ থকা দুটা ছাঁয়ামূত্তি মোৰ দৃষ্টিগোচৰ হল। এবাৰ মোৰ নাম ধৰি সৰুকৈ মতাও মই শুনিলো। কোন হব পাৰে এই দুটা, গাঁৱখনৰ মানুবোৰে কোৱাৰ দৰে এইকেইচা ভূতেই নেকি, মই ভাবি ৰৈ দিলো। তেনেহলে আজি মোক আঁহতৰ তলত সচাকৈয়ে ভূতে পালে। উত্তেজনাত মই ঘামি উঠিলো। পিছমুহূত্ততে মই ভাবিলো, দেখা যাওক আজি এই ভূতদুটাই মোক কি কৰে। লাহে লাহে মই ছাঁয়ামুত্তি দুটাৰ ফালে আগবাঢ়ি গলো। আৰে এইয়া দেখোন কমল আৰু ভৰত হে। সিঁহতদুটাই এই নিশাখন আঁহতৰ তলত কি কৰিছে।
        ঐ ৰহ, আমি এইখিনি একেলগে যাও, আমিও তই অহালৈকে ৰৈ আছো কমলে মোৰ চাইকেলৰ হেণ্ডেলত ধৰি কলেহি।
        তঁহতি মোক ভাল ভয় খোৱালি দেই, মই আকৌ তঁহতক ...
        কি বুলি ভাবিছিলি, ভূত!” ভৰতে কথাষাৰ এনেদৰে কলে যে সি সঁচাকৈয়ে ভূতেই। তাৰ পিছত সি খুক খুককৈ হাঁহিবলৈ ধৰিলে। তাৰপিছত সি আকৌ কলে বাৰু কচোন, আজি তই আমাৰ ঘৰলৈ যাৱনে, আমি তোৰ ঘৰলৈ যাও ?”
        আমি সকলো একেফালেই নাযামজানো ?” মই বুজি নাপাই সুধিলো।
        ওহো নহয়, তই যাবি এইফালে কমলে মোৰ ঘৰৰ ফালে আঙুলিয়াই দেখোৱালে, আৰু আমি যাম এইফালে এই বুলি হাবিখনৰ পালে আঙুলিয়াই দেখোৱালে। তাৰপিছত আকৌ সি খুক খুকাই হাঁহিবলৈ ধৰিলে। ভৰতে মোৰ হাতৰ পৰা চাইকেলখন লৈ হাবিখনৰ ফালৰ হোলাটোত নমাই দিলে। তাৰ হাতখন বৰ চেঁচা, পানী লাগি আছে ছাগে।
        ঐ কমল, তই ইয়াত ইমান সোনকালে কেনেকৈ পালিহি, মই দেখোন তোক বাটে ওলাই যোৱাহে দেখিছিলোমই শৰতক সুধিলো।
        সি দেখোন অথনিৰে পৰা মোৰ লগতে আছে, তই কমলক বাটত কেনেকৈ লগ পাবি?” ভৰতে মোক কলে।
        বাঃ তইটো কম নহৱ দেই, বাটত অচ্যুতক অকলে লগ পাই ভয়খোৱাই বেহুচ কৰি দিলি আৰু আকৌ আহি ইয়াত ৰৈ আছহি কাৰোবাক নিও বুলি
        মই কলো, সিহঁতে মোৰ ফালে ভেবা লাগি চাই থাকিল। অচ্যুত যদি বাটত বেহুচ হৈ পৰিয়ে আছে, তেনেহলে তইনো কোন?” কমলে মোৰ ফালে আচৰিত হৈ সুধিলে।
        হাঃ হাঃ !! তহতিও ঠগ খাই গলি নহয়। মই হাঁহিলো, তাৰপিছত আকৌ কলো, মই তাৰ ৰপটো লৈ কাৰোবাক ভয় খোৱাও বুলি এইখিনিতে অলপ সময় ৰওহি বুলি আহিছিলোহে, তঁহতি পালি নহয় আকৌ লগ ধৰি নিবলৈ এতিয়াই ঘৰলৈ। ঠিক আছে বাৰু যাও বল ঘৰলৈকে, ৰাতিপুৱাৰ আগতে আকৌ এপাক আহিব লাগিব। এইবুলি মই চাইকেলখন আঁহতৰ তলতে পেলাই পথাৰ দৰাত নামিলো। সিঁহতে মোৰ ফালে ভেবা লাগি চাই থাকিল। তঁহতি কি মানুহ দেখাদি চাই আছ, যাৱ যদি বল সোনকালে
        এইবাৰ সিঁহতে বৰ ভয় খালে আৰু ৰৈ থকাৰ ধৈয্য সিঁহতৰ নহল। দুয়োটাই ভূত ভূত বুলি চিঁঞৰি ৰাষ্টাই দৌৰিবলৈ ধৰিলে। সিঁহতৰ কাণ্ড দেখি মোৰ খুৱ হাঁহি উঠিল। এইটো ভয় লৈয়ে আনক ভয় খোৱাবলৈ আহে। এই অচ্যুতক ভয় খুওৱাটো যে ইমান সহজ নহয় এই কথা আজি সিঁহতে হাতে হাতে প্ৰমান পালে। ইঁহত দুটাই মোক আজি ভয় খুওৱা প্লেনটোৰ কথা দিনতে দেৱয়ে কৈ থৈছিল কাৰনেহে মইয়ো ভালকে এশেকা দিব পাৰিলো।
        মই আঁহতৰ তলৰ পৰা চাইকেল খন উঠাই ঘৰলৈ যাবলৈ ওলালো। যাওতে তাঁহাত দুটাৰ ঘৰত সুমাই খবৰ এটাও লৈ যাব লাগিব, কি ঠিক তাহাতৰ চাগে এতিয়া ভয়ত জ্বৰ উঠা আৰম্ভ হৈ যাব পায়। এনেতে মই কাৰোবাৰ মাত শুনি চাইকেলখনত উঠিও ৰৈ দিলো। এইয়া দেখোন জুমনৰ মাত। কিন্তু তাক মই তিনিআলিৰ আড্ডাস্থলীতে এৰি থৈ আহিছো। তেনেহলে সি ইয়াত কেনেকৈ হব ? মাতটো হাবিডৰাৰ ফালৰ পৰায়ে আহিছে। মোৰ মনত পৰিল, আজি অমাৱস্যা নিশা, বতৰটোও গোমা, এনেকুৱা বতৰতে ভূতে এই আঁহতৰ তলৰ পৰা মানুহ ধৰি নিয়ে। কথাবোৰ ভাবি বুকুখন ঢককৈ উঠিল, তাৰপিছত জোৰেৰে চাইকেল চলাই দিলো ঘৰৰ ফালে।
.......সমাপ্ত......

Wednesday 7 December 2011

বালিচৰ



       
মই তোমাক কথা দিছো মই আকৌ আহিম, এইবাৰ মই তোমাক একদম মোৰ নিজৰ কৰি লৈ যাবলৈ আহিম, ঘৰৰ মানুহক, মাহতকো কথাটো কব লাগিব নহয়। মই তোমাক কিমান যে ভাল পাওঁ সেই কথা ঘৰৰ মানুহক ভালদৰে বুজাই কব পাৰিলেহে তোমাৰ ওচৰলৈ সোনকালে ঘুৰি আহিব পাৰিম। তুমি অকনো চিন্তা নকৰিবা। মই অতি সোনকালে তোমাৰ ওচৰলৈ ঘুৰি আহিম।
মই আজিয়ে ঘৰলৈ যামগৈ। মই যাবগৈ লাগিব জানা, তুমি চিন্তা কৰি নাথাকিবা । আমাৰ দুজনৰ মাজত বক্ষ্মপুত্ৰখনহে আছে, কোনো অভেদ্য প্ৰাচীৰ বেৰা নাই নহয়। মই অতি সোনকালে তোমাক এই বক্ষ্মপুত্ৰখন পাৰ কৰাই মোৰ নিজৰ ঘৰলৈ আচলতে তোমাৰ নিজৰ ঘৰলৈ লৈ যাম, কাৰণ বিয়াৰ পিছত সেইখন তোমাৰে নিজৰ ঘৰ নহবজানো ?
তাই মই যোৱালৈ চাই থাকিল বহুসময়, চকুৰে নেদেখালৈকে। মই ঘাটৰ ফালে আগবাঢ়ি আহিলো। যাবৰ মন নাছিল, মোৰ ভৰিদুটা বাৰে বাৰে পিছলৈ টানি ধৰিছে এই ঠাই মোহে, ওহো নহয়, এই আজলী চোৱালী জনী মোহে। মই তাইক খুৱ কম সময়ৰ ভিতৰতে ভাল পায় পেলালো আৰু তাই মোক।
মাত্ৰ দুদিনৰ কাৰনে আহিছিলো মই মাজুলিলৈ ৰাস চাবলৈ লগৰ লৰাৰ লগত তাকো ঘৰত নোকোৱাকৈ। ঘৰত কোৱাহলে আহিব নিদিলেহেতেন, মাজত বক্ষ্মপুত্ৰখন যে আছে, নাৱত যে অহাযোৱা কৰিব লাগিব। আমাৰ ঘৰৰ মানুহৰ পানীলৈ বিৰাট ভয়! বিশেষকৈ মোৰ বাবে, মোৰ হেনু পানীলৈ ভয় আছে, কোনোবা মন্দিৰৰ পুৰুহিত এজনে মই জন্মহওতে হেনো কৈছিল। মই তেনে কথা হাঁহিৰে উৰুৱাই দিও। আজি বিজ্ঞানৰ যুগতো অন্ধবিশ্বাস। সেয়ে মনে মনে আহিলো। মোৰ বন্ধুসকল দুদিন ৰাস চাই পিছদিনা ঘৰলৈ গুছি গল। মই যাব নোৱাৰিলো, মই বন্দি হলো মাজুলিৰ মোহত অথার্ত এই মিছিং ছোৱালী জনী মোহত। ৰাস থলীতে চিনাকী হৈছিলো তাইৰ লগত। তাই ৰাস মহোৎসৱত ৰাধাৰ চৰিত্ৰ লৈছিল। ৰাধাৰ অভিনয় চাই মই খুৱ ভাল পালো, সেয়ে তাইক ধন্যবাদ দিয়াৰ মানসেৰে চিনাকী হলো প্ৰথম, তাৰ পিছত তাইৰ ঘৰ, মনতে ভাবিলো মই সচাকৈয়ে তাইৰ প্ৰকৃত কৃষ্ণ হব পৰা হলে। মোৰ বন্ধুকেইজনক কথাটো কলো আৰু বন্ধুকেইজনে তাইক। সিহঁতে ভাবিছিল মই আন দহজনৰ দৰে ধেমালী কৰিছো। কিন্তু মই প্ৰমান কৰি দেখোৱাব লগা হল যে মই মিছা কোৱা নাই মই সচাকৈয়ে তাইৰ প্ৰকৃত কৃষ্ণ হব বিচাৰো। মোক বন্ধুকেইজনে বহুত চেষ্টা কৰিছিল সিহঁতৰ লগত লৈ যাবলৈ কিন্তু নোৱাৰিলে। ঘৰৰ পৰা ফোনৰ উপৰি ফোন, মই সোনকালে ঘৰলৈ ঘুৰি আহিব লাগে নহলে ঘৰৰ মানুহ আহিব। মইয়ো সেইটোকে বিচাৰো, মোৰ ঘৰৰ মানুহ ইয়ালৈ আহক মই ভালপোৱা ছোৱালী জনীক চাওক, মোৰ নিবাচর্নক প্ৰশংসা কৰক, আৰু তাইক মোৰ নিজৰ কৰি ঘৰলৈ লৈ যাওক। কিন্তু সমস্যা আছে, তাই মিছিং ছোৱালী। মোৰ বাবে সমস্যাটো অলপ জটিল। মই বুজাব লাগিব ঘৰৰ মানুহখিনিক এই পাথক্য যে মোৰ ওপৰত নাখাতে। অলপ খং কৰাৰ পিছত মায়ে কথাটো মানিব, কিন্তু দেউতাক বুজোৱাটো অলপ কঠিন হব। প্ৰথমতে দেউতাই মোক তাজ্য পুত্ৰ কৰাৰ কথা কব, ঘৰৰ পৰা ওলাই যাবলৈ কব। মইয়ো খং কৰি ঘৰৰ পৰা ওলাই যাম দুদিনমান ঘৰৰ বাহিৰত কটাম। মায়ে সেইকেইদিন ঘৰত মন মাৰি থাকিব, দেউতাক বুজাব, মোক ঘৰলৈ ঘুৰাই আনিবলৈ কব। শেষত দেউতাও মান্তি হব। মই যে ঘৰৰ একমাত্ৰ লৰা। তাৰপিছত তাইৰ ঘৰলৈ যাম আকৌ নৈখন পাৰ হৈ শেষবাৰৰ বাবে, তাইক মোৰ কৰি লৈ আনিম।
কথাবোৰ ভাবি আহি থাকোতে মই নৈৰ ঘাট পালোহি। ঘাটত সৰু নাও এখন সিপাৰলৈ যাবলৈ যো-জা কৰি আছে যাত্ৰী কেইজনমানক লগত লৈ। দিনটো শেষ হবলৈ আৰু বেছিসময় নাই। মই এবাৰ সময়টো মিলাই চালো। ইপাৰৰ ঘাটত নামি যোৰহাটৰ গাড়ীত উঠি ডাইৰেক্ট গুৱাহাটীলৈ যাব লাগিব ঘৰলৈ, তেতিয়াহে আকৌ সোনকালে ঘৰৰ মানুখিনিক বুজাই মেলি ইয়ালৈ আহিব পাৰিম। অন্য মানুহখিনিৰ লগত মই নাওখনত বহিলোগৈ। নাৱৰীয়াই নাও মেলি দিলে সিপাৰলৈ। বক্ষ্মপুত্ৰৰ মাজত নাৱত মই আৰু কেইজনমান মানুহৰ সৈতে, পশ্চিম আকাশত লাহে লাহে অনুজ্বল হৈ পৰা সূয্যটো। পৰিবেশটোৰ লগত মই আপোন পাহৰা হৈ নাৱখনত বহি থাকিলো। পূৱ আকাশৰ পৰা ৰিৱ ৰিৱ কৈ বৈ অহা বতাহ এছাতিয়ে ঠাণ্ডাৰ উমান দিলে।
হথার্ত সৰু নাওখনত হেন্দুলনি উঠিল, মানুহবোৰে ইপাল সিফাল কৰিব ধৰিলে। নাৱৰীয়াজনে যিমানে শান্ত হৈ থাকিবলৈ কলে, মানুহবোৰ সিমানে অস্থিৰ হৈ পৰিল। নাৱৰীয়াজনে নাওখন বহু চেষ্টা কৰিও নিয়ন্ত্ৰন কৰাত ব্যথ হল, মোৰ ভয় লাগিল, আৰু খন্তেক পিছতে এটা ঢৌৱে নাওখন লুটিখুৱাই পেলালে।
লাহে লাহে মই হাৰ পালো। প্ৰথমতে ভাৱ হল মই পানীৰ মাজত আছো, কিন্তু মই বালিৰ ওপৰত ওবুৰি খাই পৰি আছো। তেনেহলে মই পাৰ পালোহি। ওহ, ৰক্ষা তেনেহলে, পানীত ডুবি নমৰিলো যে। মই ইফালে সিফালে চালো। মোৰ কাষত আৰু এজন মোৰ দৰেই ওবুৰি খাই পৰি আছে। মই তেওঁৰ গাত ধৰি জোকাৰি দিলো, মৰিল নেকি। নাই মৰা তেৱো জাপ মাৰি উঠিল। অলপ আতৰত অন্য মানুহ দুজনে বহি লৈ কথা পাতি আছে। তেওলোকো আমাৰ লগতে অহা। মই বৰ আনন্দৰে কলো যে আমি বাছি গলো। মই মোৰ হেণ্ডবেগটো বিচাৰি কান্ধত লৈ যাবলৈ ওলালো। কিন্তু... মোৰ বুজাত অলপ ভুল হল। এয়াটো পাৰ হব নোৱাৰে। তেনেহলে আমি এতিয়াও নৈৰ মাজৰ বালিচৰতে আছো। মই কথাপাতি থকা মানুহদুজনৰ ওচৰলৈ গলো। তেওলোকে কলে যে আজি ৰাতিটো ইয়াতে কটাব লাগিব, ইতিমধ্যে পৃথিৱীলৈ আন্ধাৰ নামি আহিল। মই জেপৰ পৰা খুছৰি মোবাইলটো ওলিয়াই আনিলো। মোবাইলে কাম নকৰিল, পানী সোমাই একদম নষ্ট হৈ গৈছে। মই সিহঁতৰ কথাত মান্তি নহলো। মই আজিয়ে ঘৰলৈ ওভতি যাব লাগিব। মই অকলে আগবাঢ়ি যাব বিচাৰিলো। মানুদুজনে কলে যে এই ঠাইত ভূত ওলাই আৰু সেই ভূতে লগ পালে এই ঠাইৰ পৰা কোনো মানুহ ওলাই যাব নোৱাৰে। মই সিহঁত ধমকি দিলো অৱাস্তব কথা কিছুমান কোৱাৰ বাবে। কিন্তু মই গম পালো আমাৰ লগত থকা নাৱৰীয়াজন দেখোন লগত নাই । তাৰমানে নাৱৰীয়া জন মৰিল নেকি ? তেতিয়াহলে আমাক সিপাৰলৈ নিব কোনে। মই মানুহ কেইজনক নাৱৰীয়াজনক বিচাৰিবলৈ পৰামর্শ দিলো । যদি আমি নাৱৰীয়া জনক বিচাৰি ওলিয়াব পাৰো তেতিয়াহলে আমি আজিয়ে ঘৰলৈ যোৱাটো সম্ভৱ হব। আমি চাৰিওজনে নাৱৰীয়াজনক বিচাৰি আন্ধাৰে আন্ধাৰে আগবাঢ়িলো। বহু সময় ঘুৰি ফুৰিলো শুকান বালি বোৰৰ উপৰে উপৰে কিন্তু নাৱৰীয়াজনৰ কোনো উম ঘাম নাপালো। তেনেহলে আজি ৰাতি আমি এই বালিৰ উপৰতে কটাব লাগিব, এই বিশাল বক্ষ্মপুত্ৰখন পাৰ হব পৰাকৈ মই সাতুৰিব তো নোৱাৰো। এই মানুহজনে কোৱাৰ দৰে পানীৰ মাজত আমাক যদি দেও ভূতে লগ পায়,আৰু বাহিৰৰ মানুহে আমাক কোনোদিনে বিচাৰি নাপায় তেনেহলে মই কেনেকৈ ঘৰলৈ যাম কথাবোৰ ভাবি মোৰ অলপ ভয় লাগিল যদিও মনত সাহষ গোটাই আগবাঢ়ি গৈ থাকিলো। এনেদৰে আগবাঢ়ি গৈ থাকোতে কিছুদূৰত এচা জুপুৰি ঘৰ চকুত পৰিল, গৈ ওচৰ পালত ঘৰৰ ভিতৰত মানুহ থকাৰো অনুমান কৰিলো। লগৰ এজনে কলে যে নৈৰ পাৰৰ মানুহ গৰু মহ চৰাবলৈ আহি কেতিয়াবা এনেদৰে নৈৰ মাজৰ বালিচৰত জুপুৰিত থাকেহি। ভাগ্য ভাল, ইফালৰ ঘাটটো চাগে ওচৰতে আছে, মানুহ লগ পালো যেতিয়া ঘৰলৈ ঘৰলৈ যোৱাটো এতিয়াই সম্ভৱ হব। আমি জুপুৰিত থকা মানুজনক মাত দিলো। মানুহজনে হাতত লেম্প এটা লৈ ওলাই আহিল আৰু আমাক ভিতৰত আথেবেথে বহিবলৈ দিলে। আমাৰ ঘটনাৰ কথা তেওঁক ভাঙিপাতি কোৱাত মানুহজনে অলপ চিন্তা কৰিলে, তাৰপিছত কলে যে আমি এতিয়া আৰু সিপাৰলৈ যোৱাটো সম্ভৱ নহব। মই ৰাতিটো ইয়াত কটাবলৈ একদম ইচ্ছা নাছিল, কিন্তু একো উপায় নেদেখিলো। মানুহজনে অলপ দুৰলৈ আঙুলি টোৱাই আমাক দেখুৱালে। অলপ আতৰত কিছুমান জুপুৰি ঘৰ চকুত পৰিল। আমি জুপুৰি বোৰৰ কাষে কাষে আগবাঢ়ি গলো। কিছুমান জুপুৰিত দুজন, তিনিজন আৰু নিজ পৰিয়ালৰ সৈতেও মানুহ আছে। তাৰে এটা জুপুৰিত মোৰ লগত অহা মানুহ দুজন সুমাই গল, আৰু এটা খালি জুপুৰিত মোক থাকিবলৈ দেখোৱাই দিলে। মই তাত থাকিবলৈ অমান্তি হলো আৰু অকলেই আতৰি গুছি আহিলো। অলপ আতৰতে কিছুমান লৰা-ছোৱালীৰ চিঞৰ বাখৰ শুনি মই সেইফালে আগবাঢ়ি আহিলো। দুটামান লৰা-ছোৱালী মই চিনি পাও যেন লাগিল, মই মনত পেলাবলৈ যত্ন কৰিলো সিহঁতক আগতে কত লগ পাইছিলো। মনত পৰিলে, মই সিহঁতৰ লগত এদিন এখন ক্ৰিকেট মেচ খেলিছিলো। কিন্তু পিছৰখিনি কথা ভাৱি মই শিয়ঁৰি উঠিলো। কাৰণ এই লৰা-ছোৱালীৰ দলটো যোৱা মাহত বক্ষ্মপুত্ৰ নদীত নাও দুঘর্টনা হৈ মৃত্যু হৈছিল। তাৰমানে ইহঁত এই দ্বীপতে বন্দী হৈ আছে। মই ঢপলিয়াই ইহঁতৰ ওচৰৰ পৰা আতৰি আহিলো। হথার্তে ভৰিত কিহবাৰ উজুতি খোৱাত তললৈ চালো, এখন তলিফুটা নাৱ, হয়তো আমি অহা নাৱখনেই। কথাবোৰ মোৰ লাহে লাহে স্পষ্ট হৈ আহিল। তাৰমানে নাৱৰীয়াজন বাচি গল।

Monday 5 December 2011

মামণি ৰয়ছম গোস্বামীৰ জীৱন পঞ্জী



প্ৰকৃত নামঃ   ইন্দিৰা গোস্বামী
জন্মঃ           ১৪ নবেম্বৰ ১৯৪২ চন।
পিতৃৰ নামঃ   উমাকান্ত গোস্বামী।
মাতৃৰ নামঃ   অম্বিকা দেৱী গোস্বামী।
১৯৫০ চনঃ    প্ৰাথমিক শিক্ষা লতাশিল প্ৰাথমিক বিদ্যালয়।
১৯৫৪ চনঃ    হাইস্কুল শিক্ষা গুৱাহাটী টিচি ছোৱালি হাইস্কুল।
১৯৫৫ চনঃ    পিতৃৰ বিয়োগ। কীতির্নাথ হাজৰিকাৰ সম্পাদনাত প্ৰকাশিত নতুন অসমীয়াত প্ৰথম গল্প প্ৰকাশ।
১৯৫৭ চনঃ    মেট্ৰিক পৰীক্ষাত অৱতীর্ণ। সন্দিকৈ ছোৱালি মহাবিদ্যালয়ত নামভর্ত্তি।
১৯৬০ চনঃ    কটন কলেজত স্নাতক শ্ৰেণীত নামভর্ত্তি।
১৯৬১ চনঃ    গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতোকতৰ শ্ৰেণীত নাম ভর্ত্তী।
১৯৬২ চনঃ    প্ৰথম গল্প সংকলন চিনাকী মৰম প্ৰকাশ।
১৯৬৩ চনঃ   গুৱাহাটীৰ ছেইন্টমেৰিজ গালর্ছ হাইস্কুলত শিক্ষকতা।
১৯৬৪ চনঃ    স্নাতকোত্তৰ ডিগ্ৰী লাভ।
১৯৬৭ চনঃ    গোৱালপাৰা সৈনিক স্কুলত শিক্ষয়ত্ৰী।
১৯৬৮ চনঃ    অধ্যাপক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ অধীনত তুলসী দাসৰ ৰামায়ণ আৰু মাধৱ কন্দলীৰ ৰামায়ণৰ তুলনামুলক গৱেষণা।
১৯৭১ চনঃ    দিল্লী বিশ্ববিদ্যালয়ত আধুনীক ভাৰতীয় ভাষা বিভাগৰ প্ৰৱক্তা হিচাপে যোগদান।
১৯৭৩ চনঃ   তুলসী দাসৰ ৰামচৰিত মানস আৰু মাধৱ কন্দলীৰ অসমীয়া ৰামায়ণ এটি তুলনামুলক অধ্যয়ন শীষর্ক বিষয়ত গৱেষণা কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পি. এইছ. ডি. ডিগ্ৰী লাভ।
১৯৭৬ চনঃ    দক্ষিন পূৱ এছিয়াৰ দেশসমূহৰ লগতে জাপান ভ্ৰমন।
১৯৮২ চনঃ    মামৰে ধৰা তৰোৱাল ৰ বাবে সাহিত্য একাডেমী বটা লাভ।
১৯৮৫ চনঃ    ফাণ্স, ইটালী, ছুইজাৰলেণ্ড, জামার্নি, আৰি ইংলেণ্ডকে ধৰি ইউৰোপৰ বিভিন্ন্ দেশ ভ্ৰমন।
১৯৮৮ চনঃ    দতাল হাতীৰ উয়ে খোৱা হাউদা ৰ বাবে অসম সাহিত্য সভাৰ বাসন্তী দেৱী সাহিত্য বটা লাভ।
১৯৯৩ চনঃ    মাতৃৰ বিয়োগ।
২০০০ চনঃ   জ্ঞানপীঠ বটা লাভ, ডি লিট ডিগ্ৰী লাভ।
২০০৩ চনঃ   পাকিস্থান ভ্ৰমন। ভাৰত পাকিস্থান লেখক সন্মিলন ত অংশগ্ৰহন। ষষ্ট চার্ক লেখক সন্মিলনত অংশগ্ৰহন।
২০০৫ চনঃ    ড. ভূপেন হাজৰিকাৰ সৈতে লক্ষিমপুৰ সাহিত্য সভাত অংশগ্ৰহন কৰি জাতীয় বীৰৰ প্ৰতিমুর্ত্তি উন্মোচন। ড. গোস্বামীৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলত ৰাষ্টীয় নিৰন্তৰ প্ৰচেষ্টাৰ ফলত ৰাষ্টীয় নিৰাপত্তা উপদেষ্টা এম কে নাৰায়নে আলোচনাৰ বাবে গঠন কৰি দিয়া পিচিজিক ২৬ অক্টোবৰত প্ৰধনমন্ত্ৰীৰ বাসভৱনলৈ আমন্ত্ৰন।
২০০৬ চনঃ   মাই পিচ টক উইথ আলফা শীষর্ক প্ৰৱন্ধ পাঠ।
২০০৯ চনঃ    অশোক মোদী স্মৃতি সমাজ সেৱা বঁটা প্ৰদান।
২০১১ চনঃ    ১১ ফেব্ৰুৱাৰীত দিল্লীৰ মেদান্ত দ্যা মেদিচিটি হস্পিটালত শাৰিৰীক অসুস্থতাৰ বাবে ভর্তি কৰোৱা হয়।
২০১১ চনঃ    ২৯ নবেম্বৰ পুৱা ৭-৪৫ বজাত গুৱাহাটী মেডিকেল কলেজ হস্পিটালত দেহাৱসান।

মামণি ৰয়ছমে লাভ কৰা সন্মান সমূহ
সাহিত্য একাডেমী বটা (১৯৮২), অসম সাহিত্য সভাৰ বিষ্ণু ৰাভাৰ বটা (১৯৮৮), ভাৰত নিমার্ন ৰাষ্ট্ৰীয় বটা (১৯৮৯), উত্তৰ প্ৰদেশৰ হিন্দী সংস্থানে আগবঢ়োৱা সৌহাদ্য বটা (১৯৮৯), সাহিত্য কথা ৰাষ্ট্ৰীয় বটা (১৯৯৩), ইউৰোপৰ সব্বোর্চ সাহিত্য বটা প্ৰিণ্স ক্লজ বটা (২০০৮), সাহিত্য সভাৰ কৃষ্ণকান্ত সন্দিকৈ সাহিত্য বটা (২০০৯), কমলাকুমাৰি ৰাষ্ট্ৰীয় বটা (১৯৯৭), ভাৰতীয় জ্ঞানপীঠ বটা (২০০০), ফ্লৰিডা আন্তঃৰাষ্টীয় বিশ্ববিদ্যালয়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় তুলসী বটা (১৯৯৯), দ্য মথ ইটার্ন হাউদা অৱ দ্য টাছকাৰ উপন্যাসৰ কাহিনী ভিত্তিত  নিমার্ন কৰা অদাহ্য কথাছবিৰ বাবে আন্তঃৰাষ্ট্ৰীয় বটা লাভ (১৯৯৬), পদ্মশ্ৰী বটা লাভ (২০০২), মহীয়সী জয়মতী বটা লাভ (২০০০), শন্তিদূত বটা (২০০৬), দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰফেছৰ এমেৰিটছ লাভ (২০০৯), কলকতাৰ এছিয়াটিক ছচাইটিৰ পৰা ঈশ্বৰ চন্দ্ৰবিদ্যাসাগৰ সোনৰ ফলক লাভ (২০০৮), অসম চৰকাৰ সব্বোর্চ ৰত্ন বটা লাভ (২০১১), বটবৃক্ষ সন্মান (২০১১)

                সহায়- দৈনিক জনমভূমি
                        ৩০-১১-২০১১

Thursday 1 December 2011

অসম দিৱস


বৰ-অসম গঢ়াৰ ক্ষেত্ৰত চুকাফাৰ অৱদানলৈ শ্ৰদ্ধা জনাই ১৯৯৬ চনৰ ২ ডিচেম্বৰৰ পৰা অসম চুকাফা দিৱস  বা অসম দিৱস  উদ্‌যাপন কৰি অহা হৈছে

চাওলুং চুকাফা (১২২৮-১২৬৮)
মধ্যযুগীয় অসম প্ৰথম আহোম ৰজা আৰু আহোম সাম্ৰাজ্য প্ৰতিস্থাপক৷ মং মাও শান ৰাজকুমাৰ চুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি ১২২৮ খ্ৰীষ্টাব্দত অসমত হোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে আৰু ১২৫৩ চনত শিৱসাগৰ জিলাৰ চৰাইদেউতত স্থায়ীকৈ ৰাজধানী পাতে৷ চুকাফাই প্ৰতিষ্ঠা কৰা সাম্ৰাজ্যই ৬০০ বছৰ ধৰি সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যাকাজোৰা আহোম সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰে৷ এই সময়ছোৱাত অসমত বাস কৰা সকলো জাতি-জনজাতিকে তেওঁ একত্ৰিত কৰে৷ সেয়ে বৰ অসম গঢ়াৰ ক্ষেত্ৰত অসম তথা অসমীয়া জাতিৰ বাবে চুকফাৰ অৱদান সৰ্বস্ব৷ এনে কাৰণতে তেওঁৰ নামৰ আগত চাওলুং (চাও: ঈশ্বৰ , লুং: মহান) ব্যৱহাৰ হ'বলৈ ধৰে৷

চুকাফাই নতুন ৰাজ্যৰ সন্ধানত যাত্ৰা কৰাৰ সময়ত প্ৰথম অৱস্থাত সৰু ককায়েক ছু-খাম-ফাৰ নৰা ৰাজ্যত কিছুদিন আশ্ৰয় লয়৷ স্বৰাজ্য এৰি অহাৰ সময়ত চুকাফাই লগত ইষ্টদেৱতা চুমদেউ, মংগল চোৱাত ব্যৱহাৰ কৰা কুকুৰা চৰাই, তিনিগৰাকী ৰাণী- আই মে চাও লো, নাংচেন-চুম-ফা আৰু য়িলো-কে-চি-চুম-ফা, দুজন পাত্ৰ মন্ত্ৰী, পাঁচজন কোঁৱৰ,, চাৰিজন ৰাজপুৰোহিত, দুজন বাইলুং আহিছিল৷ লগতে ১২,০০০ সৈনিক, ,০০০ ঘোঁৰা, খাম, পেং নামৰ এটা দঁতাল হাতী, এজনী মাখুন্দী হাতী আৰু এবিধ খাৰ-বাৰুদৰ হিলৈ আনিছিল৷ ককায়েক ছু-খাম-ফাই চুকাফাক নৰা ৰাজ্যৰ দক্ষিণ-পশ্চিম দিশে থকা দেশখন জয় কৰিবলৈ পৰামৰ্শ দিয়ে৷ চুকাফাই মাকৰ লগত নিছায়েকৰ ৰাজ্যত থাকোতেই নিছায়েকৰ পুত্ৰ কোঁৱৰ চাম-লুং-ফাই সৌমৰপীঠলৈ যুদ্ধাভিযান চলাই ১২১৫ খ্ৰীষ্টাব্দত মণিপুৰ আৰু কাছাৰৰ কিছু অংশ অধিকাৰ কৰিছিল৷ এই অভিযানৰ বিষয়ে চুকাফাই সকলোখিনি জানিছিল৷ সেয়ে তেওঁ সৌমাৰ বা মুহ-দুন-চুন-খাম জয় কৰাটোকে নিশ্চিত কৰে৷ সেয়ে চুকাফাই নৰা ৰাজ্যৰ পৰা হংকং উপত্যাকাৰে পাটকাই পৰ্বত পাৰ হৈ আহে৷
১২২৮ খ্ৰীষ্টাব্দৰ আঘোণ মাহৰ ১৬ তাৰিখে চুকাফাই সৌমাৰপীঠৰ টি-পাম (টি-ঠাই, পাম-চাপৰি)ত বুঢ়ীদিহিঙেৰে উজাই আহি উপস্থিত হয় আৰু ইয়াতেই তেওঁ নতুন এখন স্বাধীন ৰাষ্ট্ৰৰ সোপান ৰচনা কৰে৷ টি-পামত চুকাফাই ৩ বছৰ কাল থাকে৷ ইয়াৰ পিছত অভয়াপুৰীলৈ আহি তিনি বছৰ থাকেহি৷ ইয়াৰ পৰা শ'লগুৰি আৰু হাবুঙলৈ আহে৷ হাবুঙত বানপানীয়ে আমনি দিয়াত দিহিং নৈৰে ভটিয়াই গৈ দিখৌমুখ পায় আৰু ইয়াৰ পৰা দিখৌ নৈৰে উজাই দৰিকা আৰু নামদাং নৈ অতিক্ৰম কৰি চন্তকত উপস্থিত হয়৷ চন্তকত দুবছৰ থাকি পুনৰ দিখৌৰে ভটিয়াই শিমলুগুৰি পালেগৈ৷ ইয়াত কিছু দিন থাকি চুকাফাই কাষৰীয়া অঞ্চলবোৰ পৰ্যবেক্ষণ কৰে আৰু তেওঁলোকৰ লগত সহৃদয়তা স্থাপন কৰি নিজৰ ৰাজ্যৰ সীমা বহলাই নিয়ে৷ পিছত শিমলুগুৰিৰ পৰা অলপ দূৰত থকা পাহাৰীয়া ওখ ঠাইত ৰাজধানী পাতি থিতাপি লয়৷ এই ওখ ৰাজধানীখনৰ নাম দিয়ে চে-ৰাই-দয় (চে- নগৰ, ৰাই- জিলিকি থকা, দয়- পৰ্বত) অৰ্থাত পৰ্বতৰ ওপৰত জিলিকি থকা নগৰ৷ পিছলৈ মুখ বাগৰি চে-ৰাই-দয় চৰাইদেউত পৰিণত হয়৷ অতি বীৰত্ব আৰু বিচক্ষণতাৰে চুকাফাই ৩৯ বছৰ ৪ মাহ ১৪ দিন ৰাজত্ব কৰি বিশাল আহোম সাম্ৰাজ্যৰ পাতনি মেলে৷

 চুকাফাৰ অৱদান

স্বৰ্গদেউ চুকাফাই টাই মংগোলীয় ভাষা-কৃষ্টি-সংস্কৃতিৰ লগত থলুৱা ভাষা-কৃষ্টি-সংস্কৃতিৰ সমন্বয় ঘ্টাত উৎসাহ যোগাইছিল৷ এই দূৰদৰ্শী বদান্যতাৰ ফলতেই টাই ভাষাৰ ঠাইত এক নতুন সমন্বয়ৰ ভাষা অসমীয়া ভাষা ৰাজকীয় ভাষা হৈ পৰিছিল৷ চুকাফাৰ আন এক বৃহৎ অৱদান হ'ল বুৰঞ্জী ৰচনা৷ স্বৰ্গদেউ চুকাফাই তেওঁৰ যাত্ৰা-পথত হোৱা সকলো ঘ্টনা আৰু দেউধাই-মহন-বাইলুং পণ্ডিতসকলক লিখিবলৈ কোৱাৰ পৰাই অসম বুৰঞ্জীৰ আৰম্ভণি বুলিব পাৰি৷ তেওঁ সমসাময়িক অসমত বসবাস কৰা আৰু ৰাজ্য শাসন কৰা মৰাণ, বৰাহী, কছাৰী, নগা, চুতীয়া আদি সকলো জাতি-জনগোষ্ঠীকে একত্ৰিত কৰি পৰস্পৰৰ মাজত বিবাহ আৰু খোৱা-বোৱাৰ ব্যৱস্থা কৰি দিছিল৷ লগতে বিভিন্ন উপাধি প্ৰদান কৰি সকলো প্ৰজাকে ৰাজ্যশাসনত অংশগ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰি দিছিল৷ যাৰ ফলত অসমত শইকীয়া, বৰা, হাজৰিকা, বৰুৱা, ফুকন আদি নানান উপাধিৰ সৃষ্টি হৈছিল আৰু বামুণ, কলিতা, লালুং  কোচ সকলোৱে এই উপাধি লাভ কৰিছিল৷ সাতৰাজ মাৰি একৰাজ কৰা চাওলুং চুকাফাই হ'ল যথাৰ্থভাৱে অসম আৰু অসমীয়াৰ পিতৃপুৰুষ আৰু বৃহত্তৰ অসমীয়া জাতিৰ জনক৷

মৃত্যু

১২৬৮ চনত প্ৰাকৃতিকভাৱে চুকাফাৰ মৃত্যু হয়৷ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ চুচেওফা (১২৬৮-১২৮১) ৰজা হয় আৰু ৰাজত্বকালত তেওঁ আহোম ৰাজ্য দিখৌ নৈৰ পৰা নামদাং নৈলৈকে সম্প্ৰসাৰিত কৰে৷
        সহায়- ৱিকিপিডিয়া


Monday 28 November 2011

এখন চিঠিৰ কথাৰে


মৰমৰ বান্ধবী,
প্ৰথমে পত্ৰৰ দ্বাৰা মোৰ হিয়াভৰা মৰম লবা। বতর্মান মোৰ ভাল, আশাকৰো তোমাৰ আৰু পৰিয়ালৰ সকলোৱে ভাল।
মোবাইল ফোন লোৱাৰে পৰা বহুদিন কলৈকো চিঠি লিখা হোৱাই নাই, সেয়ে আজি তোমালৈ এই চিঠি লিখোতে প্ৰথমতেই কি লিখিম ভাবিব লগা হৈছে। বতর্মান যন্ত্ৰৰ যুগত অন্যান্য হাতৰ কামৰ লগতে কাগজত হাতৰ আখৰ লিখাৰ ব্যস্ত্যতাটো কমি গৈছে। কিন্তু মবাইল ইণ্টাৰনেটৰ সহায়ত বন্ধু-বান্ধবী আৰু আত্মিয়-স্বজনলৈ চিঠি লিখা আৰু পঢ়াৰ মাদকতা অনুভৱ কৰিব পাৰিম জানো? সেই মাদকতা হয়তো আৰু কোনোদিনে ঘুৰাই নাপাম আৰু নতুন প্ৰজন্মই কেতিয়াও অনুভৱ কৰিব নোৱাৰিব। সেইদৰে ডাকঘৰৰ ডাকোৱাল জনেও চিঠিৰ নামত কায্যালয়ৰ কাগজ-পত্ৰ অনা নিয়া কৰা কামতে সীমাবদ্ধ থাকিব। প্ৰিয়জনৰ চিঠি গৈ সুমাবগৈ মবাইল ফোনৰ ইনবস্কত নাইবা ইণ্টাৰনেটৰ ই-মেইলত।
বাৰু যি কি নহওক, সময় পৰিবতর্নশীল। আৰু এই পৰিবতর্নশীল সমাজত পুৰণিক বিসর্জন দি আমি নতুনক আদৰি লবই লাগিব। লাগিলে সেই পুৰণি সংস্কৃতি আমাৰ জীৱনত ওতঃপ্ৰতঃ ভাবেই জড়িত নাথাকক কিয়। যদি আমি আজি সংস্কৃতিৰ তানত সেই পুৰণি সংস্কৃতিকে খামোচ মাৰি ধৰি থাকো নতুন প্ৰজন্মই যে ৰক্ষণশীল মনোভাৱৰ চাপ লগাব সেয়া খাটাং। যুগে যুগে এই নিয়মেই চলি আহিছে, কিন্তু, এই পৰিবর্তনৰ সোঁতত আমি আমাৰ জীৱনৰ অমূল্য সংস্কৃতি সম্পূর্ণ ত্যাগ কৰি যাতে অপসংস্কৃতি গ্ৰহন নকৰো তাৰবাবে প্ৰতিজন লোকে দৃঢ়ভাৱে চকু ৰখাৰ প্ৰয়োজন। অন্যথা কেতিয়াবা বিশ্ব দৰবাৰত নিজৰ পৰিচয় দিবলৈ হয়তো একোৱে বাকী নৰবগৈ।
মৰমৰ বান্ধবী, চিঠিৰ আৰম্ভনিতে তোমাৰ চাগে এনেবোৰ কথা পঢ়ি ভাল লগা নাই। এতিয়া আচল কথালৈ আহো। তুমি কোৱাৰমতে হিতেশ ডেকাৰ এয়েটো জীৱন দ্বিতীয় খণ্ডটো ডাকযোগে তোমালৈ পঠালো। এই সুযোগতে কিতাপখন মইয়ো পঢ়িলো। প্ৰথম খণ্ডটো নপঢ়াৰ বাবে এই খণ্ডটো পঢ়োতে কাহিনীটো প্ৰথম বুজোতে কঠিন হৈছিল যদিও কিতাপখন মনোযোগী উঠা সময়তে এই খণ্ডটো শেষ হল। তোমালৈ কিতাপখন সোনকালে পঠাব লাগিছিল যদিও মোৰ পৰীক্ষা চলি থকাৰ বাবে আৰু কিছু অসুবিধা হেতু পঠোৱাৰ কিছু পলম হল তাৰ বাবে দুখিতঃ। অৱশ্যে এই অসুবিধাবোৰ আন বহুজনৰ দৰে কিতাপ পঢ়াৰ পৰা দুৰৈত থকা এক অজুহাতও হব পাৰে।
সচাকে, কথাষাৰ অপ্ৰিয় হলেও সত্য যে আজি বহুজনে কিতাপ পঢ়াটো ভাল অভ্যাস বুলি জানিও বিভিন্ন অজুহাতত কিতাপৰ পৰা দুৰৈত থাকে। সেইসকল মানুহৰে আকৌ দুৰদশর্নত প্ৰিয় ধাৰাবাহিক খন চাবলৈ সদায়ে সময় থাকে। এটা তথ্যত প্ৰকাশিত যে বিশ্বৰ ভিতৰত ভাৰততে সবার্ধিক ছপা কিতাপ কাগজ প্ৰকাশ হয় যদিও এই দেশতে কিতাপ পঢ়াৰ মানুহৰ সংখ্যা সকলোতকৈ কম। সচাকে হাস্যকৰ। কিতাপৰ কথা কবলৈ ললেই মনলৈ আহে হাইস্কুলত পঢ়া সত্যনাথ বৰাৰ কিতাপ পঢ়াৰ আনন্দ নামৰ পাঠটোলৈ। পাঠটোত লেখকে পঢ়াৰ আনন্দৰ বিষয়ে ধুনীয়াকৈ বুজায় কৈছে। কিতাপ পঢ়া আৰু পঢ়ি আনন্দ পোৱাটো এটা নিচা, এই নিচা যিয়ে এবাৰ পাইছে তাক সি জীৱনত পাহৰিব নোৱাৰে। কিন্তু সেইদিনা টি.ভি.ৰ নিউজ চেনেল এটাত দেখিলো যে আজি নৱপ্ৰজন্মই কিতাপৰ নিচাতকৈ মদৰ নিচাতহে অদিক আকৃষ্ট হৈছে। কথাটো সচাকৈয়ে উদ্বেজনক ভাৱে সত্য যে আজিৰ দিনত বহুতো মানুহে দুশ টকা খৰছ কৰি মদৰ নিচা লৈ ক্ষন্তেকীয়া আনন্দ কৰে, কিন্তু সেই টকাৰে এখন কিতাপ কিনি পঢ়াৰ নিচা লব নুখুজে।
বাৰু যিকি নহওক, চিঠিখনত বহুতো কিবিকিবিয়ে লিখা হল। কিতাপখনৰ এই খণ্ডটো পঢ়ি কেনে পালা জনাবা। আৰু এই কিতাপখন তোমাৰ হাতত পৰাৰ পিছত মোলৈ মোবাইল মেছেজ নাইবা ই-মেইল এটা কৰি জনাবা।
বান্ধৱী, তোমালৈ মোৰ এটা অনুৰোধ। তুমিও মোলৈ এখন চিঠি পঠাবাচোন। আৰু বিশেষ নাই। শেহত তোমালৈ পুনৰ মৰম আৰু তোমাৰ পৰিয়ালৰ সকলোলৈ মোৰ মৰম ও শ্ৰদ্ধা জনাবা।

ইতি
তোমাৰ বন্ধু
অচ্যুত
১১/১২/২০০৮