আগকথা

অসমীয়া সাহিত্যপ্ৰেমী ৰাইজ, নমস্কাৰ লব। অসমীয়াগল্প ব্লগস্পত ডট কমত অসমীয়া গল্প, কবিতা, প্ৰৱন্ধৰ পঢ়াৰ উপৰিও অসমৰ সাধাৰণ জ্ঞানৰ বিষয়েও জনাৰ সুবিধা পাব। ইয়াত প্ৰকাশৰ বাবে আপোনাৰ নিজে লিখা গল্পটো আৰু কবিতাটো পঠাব পাৰে মনত ৰাখিব আপোনি পঠাৱাৰ গল্পটো বা কবিতাটো আগতে কতো প্ৰকাশ হব নালাগিব। ইয়াত প্ৰকাশ হোৱা গল্প আৰু কবিতা কোনোৱে বিনা অনুমতিত অন্য ঠাইত বা আলোচনীত প্ৰকাশৰ বাবে নিব নোৱাৰিব। শেষত আপোনালোকলৈ ধন্যবাদ আৰু আপোনালোকৰ মৰমে যাতে এই ব্লগতো অধিক জনপ্ৰিয় দিশলৈ লৈ যায় তাৰ কামনাৰে।

Monday 28 November 2011

এখন চিঠিৰ কথাৰে


মৰমৰ বান্ধবী,
প্ৰথমে পত্ৰৰ দ্বাৰা মোৰ হিয়াভৰা মৰম লবা। বতর্মান মোৰ ভাল, আশাকৰো তোমাৰ আৰু পৰিয়ালৰ সকলোৱে ভাল।
মোবাইল ফোন লোৱাৰে পৰা বহুদিন কলৈকো চিঠি লিখা হোৱাই নাই, সেয়ে আজি তোমালৈ এই চিঠি লিখোতে প্ৰথমতেই কি লিখিম ভাবিব লগা হৈছে। বতর্মান যন্ত্ৰৰ যুগত অন্যান্য হাতৰ কামৰ লগতে কাগজত হাতৰ আখৰ লিখাৰ ব্যস্ত্যতাটো কমি গৈছে। কিন্তু মবাইল ইণ্টাৰনেটৰ সহায়ত বন্ধু-বান্ধবী আৰু আত্মিয়-স্বজনলৈ চিঠি লিখা আৰু পঢ়াৰ মাদকতা অনুভৱ কৰিব পাৰিম জানো? সেই মাদকতা হয়তো আৰু কোনোদিনে ঘুৰাই নাপাম আৰু নতুন প্ৰজন্মই কেতিয়াও অনুভৱ কৰিব নোৱাৰিব। সেইদৰে ডাকঘৰৰ ডাকোৱাল জনেও চিঠিৰ নামত কায্যালয়ৰ কাগজ-পত্ৰ অনা নিয়া কৰা কামতে সীমাবদ্ধ থাকিব। প্ৰিয়জনৰ চিঠি গৈ সুমাবগৈ মবাইল ফোনৰ ইনবস্কত নাইবা ইণ্টাৰনেটৰ ই-মেইলত।
বাৰু যি কি নহওক, সময় পৰিবতর্নশীল। আৰু এই পৰিবতর্নশীল সমাজত পুৰণিক বিসর্জন দি আমি নতুনক আদৰি লবই লাগিব। লাগিলে সেই পুৰণি সংস্কৃতি আমাৰ জীৱনত ওতঃপ্ৰতঃ ভাবেই জড়িত নাথাকক কিয়। যদি আমি আজি সংস্কৃতিৰ তানত সেই পুৰণি সংস্কৃতিকে খামোচ মাৰি ধৰি থাকো নতুন প্ৰজন্মই যে ৰক্ষণশীল মনোভাৱৰ চাপ লগাব সেয়া খাটাং। যুগে যুগে এই নিয়মেই চলি আহিছে, কিন্তু, এই পৰিবর্তনৰ সোঁতত আমি আমাৰ জীৱনৰ অমূল্য সংস্কৃতি সম্পূর্ণ ত্যাগ কৰি যাতে অপসংস্কৃতি গ্ৰহন নকৰো তাৰবাবে প্ৰতিজন লোকে দৃঢ়ভাৱে চকু ৰখাৰ প্ৰয়োজন। অন্যথা কেতিয়াবা বিশ্ব দৰবাৰত নিজৰ পৰিচয় দিবলৈ হয়তো একোৱে বাকী নৰবগৈ।
মৰমৰ বান্ধবী, চিঠিৰ আৰম্ভনিতে তোমাৰ চাগে এনেবোৰ কথা পঢ়ি ভাল লগা নাই। এতিয়া আচল কথালৈ আহো। তুমি কোৱাৰমতে হিতেশ ডেকাৰ এয়েটো জীৱন দ্বিতীয় খণ্ডটো ডাকযোগে তোমালৈ পঠালো। এই সুযোগতে কিতাপখন মইয়ো পঢ়িলো। প্ৰথম খণ্ডটো নপঢ়াৰ বাবে এই খণ্ডটো পঢ়োতে কাহিনীটো প্ৰথম বুজোতে কঠিন হৈছিল যদিও কিতাপখন মনোযোগী উঠা সময়তে এই খণ্ডটো শেষ হল। তোমালৈ কিতাপখন সোনকালে পঠাব লাগিছিল যদিও মোৰ পৰীক্ষা চলি থকাৰ বাবে আৰু কিছু অসুবিধা হেতু পঠোৱাৰ কিছু পলম হল তাৰ বাবে দুখিতঃ। অৱশ্যে এই অসুবিধাবোৰ আন বহুজনৰ দৰে কিতাপ পঢ়াৰ পৰা দুৰৈত থকা এক অজুহাতও হব পাৰে।
সচাকে, কথাষাৰ অপ্ৰিয় হলেও সত্য যে আজি বহুজনে কিতাপ পঢ়াটো ভাল অভ্যাস বুলি জানিও বিভিন্ন অজুহাতত কিতাপৰ পৰা দুৰৈত থাকে। সেইসকল মানুহৰে আকৌ দুৰদশর্নত প্ৰিয় ধাৰাবাহিক খন চাবলৈ সদায়ে সময় থাকে। এটা তথ্যত প্ৰকাশিত যে বিশ্বৰ ভিতৰত ভাৰততে সবার্ধিক ছপা কিতাপ কাগজ প্ৰকাশ হয় যদিও এই দেশতে কিতাপ পঢ়াৰ মানুহৰ সংখ্যা সকলোতকৈ কম। সচাকে হাস্যকৰ। কিতাপৰ কথা কবলৈ ললেই মনলৈ আহে হাইস্কুলত পঢ়া সত্যনাথ বৰাৰ কিতাপ পঢ়াৰ আনন্দ নামৰ পাঠটোলৈ। পাঠটোত লেখকে পঢ়াৰ আনন্দৰ বিষয়ে ধুনীয়াকৈ বুজায় কৈছে। কিতাপ পঢ়া আৰু পঢ়ি আনন্দ পোৱাটো এটা নিচা, এই নিচা যিয়ে এবাৰ পাইছে তাক সি জীৱনত পাহৰিব নোৱাৰে। কিন্তু সেইদিনা টি.ভি.ৰ নিউজ চেনেল এটাত দেখিলো যে আজি নৱপ্ৰজন্মই কিতাপৰ নিচাতকৈ মদৰ নিচাতহে অদিক আকৃষ্ট হৈছে। কথাটো সচাকৈয়ে উদ্বেজনক ভাৱে সত্য যে আজিৰ দিনত বহুতো মানুহে দুশ টকা খৰছ কৰি মদৰ নিচা লৈ ক্ষন্তেকীয়া আনন্দ কৰে, কিন্তু সেই টকাৰে এখন কিতাপ কিনি পঢ়াৰ নিচা লব নুখুজে।
বাৰু যিকি নহওক, চিঠিখনত বহুতো কিবিকিবিয়ে লিখা হল। কিতাপখনৰ এই খণ্ডটো পঢ়ি কেনে পালা জনাবা। আৰু এই কিতাপখন তোমাৰ হাতত পৰাৰ পিছত মোলৈ মোবাইল মেছেজ নাইবা ই-মেইল এটা কৰি জনাবা।
বান্ধৱী, তোমালৈ মোৰ এটা অনুৰোধ। তুমিও মোলৈ এখন চিঠি পঠাবাচোন। আৰু বিশেষ নাই। শেহত তোমালৈ পুনৰ মৰম আৰু তোমাৰ পৰিয়ালৰ সকলোলৈ মোৰ মৰম ও শ্ৰদ্ধা জনাবা।

ইতি
তোমাৰ বন্ধু
অচ্যুত
১১/১২/২০০৮

Saturday 26 November 2011

ড. ভূপেন হাজৰীকা, জীৱন পৰিক্ৰমা।


১৯২৬ চনঃ    শদিয়াত জন্ম, ৮ছেপ্তেম্বৰ।
পিতৃঃ          নীলকান্ত হাজৰীকা।
মাতৃঃ          শান্তিপ্ৰিয়া হাজৰীকা।
১৯৩০ চনঃ   কটন কলেজিয়েট হাইস্কুলত ৰাজহুৱা সভাত গীত পৰিবেশন। লক্ষ্মীনাথ বেজবৰুৱাৰ আশিস আৰু চুমা লাভ।
১৯৩৫ চনঃ    তেজপুৰ হাইস্কুলত নামভর্তি।
১৯৩৬ চনঃ   জ্যোতিপ্ৰসাদ আগৰৱলা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সানিধ্য লাভ। কলিকতাত প্ৰথমবাৰৰ বাবে চেনোলা মিউজিকেল প্ৰডাক্ত কোম্পানীত জয়মতী পালানাটৰ গীত ৰেকডিং। শোণিত কুৱঁৰী নামৰ পালনাটৰ ৰেকডিঙত কণ্ঠদান। বিষ্ণুপ্ৰসাদ ৰাভাৰ দ্বাৰা ৰচিত কাষতে কলচি লৈ যায় ঐ ৰচকী বাই আৰু উলাহতে নাচি বাগি হলি বিয়াকুল শীর্ষক গীট দুটাত কণ্ঠদান।
১৯৩৭ চনঃ   জীৱনত প্ৰথমবাৰৰ বাবে কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে তান শীর্ষক গীত ৰচনা।
১৯৩৯ চনঃ    কলিকতাৰ আকাশবাণী কেন্দ্ৰত প্ৰথমবাৰৰ বাবে অসমীয়া গীত পৰিবেশন।
১৯৪০ চনঃ    তেজপুৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীর্ণ।
১৯৪১ চনঃ    কটন কলেজত আই এ মহলাত নাম ভর্ত্তি।
১৯৪২ চনঃ    বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত স্নাতক মহলাত নাম ভর্ত্তি।
১৯৪৩ চনঃ    সহশিল্পি কুইন হাজৰিকাৰ সৈতে প্ৰথম সুৰাৰোপিত ৰেডিঅ গীতৰ ৰেকডিং।
১৯৪৪ চনঃ    ৰাজনীতি বিজ্ঞানৰ উপৰিও দশর্ন বিষয়ত সন্মান সহ স্নাতক ডিগ্ৰি লাভ। অমৃতবাজাৰ প্ৰত্ৰিকাত এলাহবাদ সংস্কৰণত ছাত্ৰ সমালোচক ৰূপে আত্মপ্ৰকাশ।   
১৯৪৬ চনঃ    বাৰানসী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ।
১৯৪৮  চনঃ   বিষ্ণুৰাভাৰ পৰিচালিত চিৰাজ কথাছবিত অভিনয় আৰু শিৱপ্ৰসাদ ভট্ৰাচায্যৰ লগত যুটিয়াভাবে সেই ছবিৰ সংগীত পৰিচালনা। আকাশবাণী গুৱাহাটী-শ্বিলং কেন্দ্ৰৰ গুৱাহাটী কেন্দ্ৰত প্ৰগেম এছিচটেণ্টৰূপে যোগদান।
১৯৪৯ চনঃ    ডক্তৰেট ডিগ্ৰীৰ বাবে আমেৰিকালৈ যাত্ৰা।
১৯৫০ চনঃ    প্ৰিয়ম্বদা পেটেলৰ সৈতে নিউয়ক চহৰত বিবাহ সম্পন্ন (১ আগষ্ট  ) । পল ৰবলছমৰ জেফাৰছনৰ জেফাৰণ স্কুল অৱ ছচিয়েল ছাইণ্স ত যোগদান।
১৯৫২ চনঃ    ডক্টৰেট ডিগ্ৰী লৈ স্বদেশলৈ প্ৰত্যাবর্তন। ভাৰতীয় গণনাট্য আন্দোলনত সক্ৰিয় অংশগ্ৰহন।
১৯৫৩ চনঃ    ভূপেন হাজৰিকা আৰু হেমাংগ বিশ্বাসৰ প্ৰচেষ্টাত প্ৰথমবাৰৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱলাৰ মৃত্যুদিৱস পালন।
১৯৫৪ চনঃ    গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞান বিবাগত প্ৰবক্তা ৰূপে যোগদান।
১৯৫৫ চনঃ    দিল্লীত অনুষ্ঠিত আন্ত-বিশ্ববিদ্যালয় যুৱ মহোৎসৱত ড. হাজৰিকাৰ পৰিচালনাত গুৱাহাটী বিশ্ববিদ্যালয়ে শ্ৰেষ্ট দলৰ সন্মান লাভ কৰে। পিয়লি ফুকন ছবিৰ সংগীত পৰিচালনা।
১৯৫৬ চনঃ    ভৰতীয় সাংস্কৃতিক সংস্থাৰ সদস্য হিচাপে ৰাছিয়াৰ হেলছিংকিত অনুষ্ঠিত বিশ্বশান্তি সন্মিলনত যোগদান। এৰাবাতৰ সুৰ কথাছবিৰ পৰিচালনা, প্ৰযোজনা। বিশ্ববিদ্যালয়ৰ চাকৰি ইস্তাফা।
১৯৫৭ চনঃ    অসমীয়া কথাছবি ধুমুহাৰ সংগীত পৰিচালনা। অসমাপ্ত, কড়ি ও কমল, জীৱন তৃষ্ণা ইত্যাদি বাংলা কথাছবিত সংগীত পৰিচালনা।
১৯৫৮ চনঃ    মাহুত বন্ধুৰে নামৰ কথাছবি নির্মান। জোনাকীৰ আলো নামৰ বাংলা কথাছবিৰ সংগীত পৰিচালনা।
১৯৫৯ চনঃ    ফণি শর্মা পৰিচালিত কেচা সোণ, পুৱতি নিশাৰ সপোনআৰু বাংলা কথাছবি দুই বেচেৰাৰ সংগীত পৰিচালনা।
১৯৬০ চনঃ    অসমত ভাষা আন্দোলনৰ পৰিপেক্ষিতত শান্তি সম্প্ৰিতি প্ৰতিষ্ঠাৰ উদেশ্যে হেমাংগ বিশ্বাসৰ সৈতে অসমৰ সাংস্কৃতি অনুষ্ঠান। হাৰাধন , ৰংমন, মানুহে মানুহৰ বাবে, আদি কালজয়ী গানৰ সৃষ্টি।
১৯৬১ চনঃ    শকুন্তলাৰ পৰিচালনা। কথাছবিখনৰ বাবে ৰাষ্ট্ৰপতি পদক লাভ।
১৯৬২ চনঃ    চীন ভাৰতৰ যুদ্ধৰ পতভূমিত কত জোৱানৰ মৃত্যু হল, ৰণক্লান্ত নহও, আদি বহুকেইটা জনপ্ৰিয় গীতৰ সৃষ্টি।
১৯৬৩ চনঃ   সবের্শ্বৰ চক্ৰবতী পৰিচালিত মণিৰাম দেৱানৰ সংগীত পৰিচালনা। নাজিৰাত অসম সাহিত্য সভাৰ ৩৩তম অধিবেশনৰ সভাপতি।
১৯৬৪ চনঃ    প্ৰতিধ্বনি নিমার্ন। কথাছবিখনৰ বাবে ৰাষ্ট্ৰপতি পদক লাভ।
১৯৬৫চনঃ     প্ৰথম অসমীয়া আর্ট জাণের্ল গতিৰ সম্পাদনা। উর্ক্তবষ মেৰ পৰা আমাৰ প্ৰতিনিধি নামৰ আলোচনীখনৰ সম্পাদনা দায়িত্ব গ্ৰহন।
১৯৬৬ চনঃ    লটিঘটি কথাছবিৰ বাবে ৰাষ্ট্ৰপতি পদক লাভ। পিতৃ নীলকান্ত হাজৰিকাৰ দেহাবসান।
১৯৬৭ চনঃ    নাওবৈচাৰ পৰা অসম বিধান সভালৈ নিদর্লীয় প্ৰার্থী হিচাপে নিবাচির্ত। ছোভিয়েট ৰাছিয়া ভ্ৰমন।
১৯৬৮ চনঃ    ১৭ জানুৱাৰীত জ্যোতি চিত্ৰবনৰ উদ্বোধনী অনুষ্ঠানত যোগদান। মাচর্ত মাজুলীৰ বংশীগোপাল নাট্য মন্দিৰত এক বিশেষ অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি আনন্দ চন্দ্ৰ বৰুৱাৰ দ্বাৰা সুধাকণ্ঠ উপাধি প্ৰদান।
১৯৬৯ চনঃ    চিকমিক বিজুলী কথাছবি নিমার্ণ।
১৯৭০ চনঃ    প্ৰথম অসমীয়া আলোচনী বিন্দুৰ সম্পাদনা।
১৯৭১ চনঃ    মঙলদৈ লোকসভা সমষ্টিত নিবাচর্নী প্ৰাথী হিচাপে যোগদান কৰি পৰাজয় বৰণ। বাংলা কথাছবি এখানে পিঞ্জৰৰ সংগীত পৰিচালনা। মাতৃ শান্তিপ্ৰিয়া হাজৰিকাৰ দেহাৱসান।
১৯৭২ চনঃ    ১৪ ফেব্ৰুৱাৰী বালির্নত অনুষ্ঠিত দ্বিতীয় আন্তজার্তিক সংগীত সন্মিলনত যোগদান। জনপ্ৰিয়তাৰ শীষর্ত আৰোহন কৰাৰ কাৰণে  World Conference of Composer সন্মিলনত ভূপেন হাজৰিকাৰ সম্পর্কে গ্ৰন্থ প্ৰকাশ আৰু চলচিত্ৰ নিমার্ন।
১৯৭৩ চনঃ   আত্মাৰামৰ আৰোপ, নামৰ হিন্দী কথাছবি গীতত প্ৰথমবাৰৰ বাবে সংগীত পৰিচালনা। বালিনর্ত অনুষ্ঠিত আন্তজার্তিক যুৱ মহোৎসৱত বিশেষ আমন্ত্ৰিত অতিথিৰূপে যোগদান। তাত সংগীত পৰিবেশন আৰু শ্বর্ণ পদক লাভ।
১৯৭৪ চনঃ    অৰুণাচল প্ৰদেশৰ পটভূমিত ৰঙীণ চলচিত্ৰ ‘For whom the sun shine” নিমার্ণ।
১৯৭৫ চনঃ    মেৰা ধৰম মেৰী কা কথাছবিৰ সংগীত পৰিচালনা। বাংলা কথাছবি দম্পতি আৰু বাংলাদেশৰ বিখ্যাত চিত্ৰ পৰিচালক আলমগীৰ কবীৰৰ দ্বাৰা পৰিচালিত সীমানা পেৰীয়ে কথাছবিৰ সংগীত পৰিচালনা। চামেলী মেমচাহাব, কাচঁঘৰ আৰু খোজ ছবিৰ সংগীত পৰিচালনা।
১৯৭৬ চনঃ    ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আৰু জয়মতী শীষর্ক তথ্যচিত্ৰৰ বাবে চিত্ৰনাট্য ৰছনা, সংগীত পৰিচালনা, আৰু চিত্ৰ পৰিচালনা।
১৯৭৭ চনঃ    ২ এপ্ৰিলত পদ্মশ্ৰী সন্মান লাভ। বাংলা কথাছবি দম্পতীৰ সংগীত পৰিচালক ৰূপে বাংলা চলচিত্ৰ সমিতি আৰু Indian Cultural Forum –ৰ পৰা শ্ৰেষ্ট পুৰস্কাৰ লাভ।ভাৰতীয় চলচিত্ৰৰ কেন্দ্ৰীয় ছেম্সৰ বর্ডৰ সদস্য মনোনীত। বনসংস কথাছবিৰ সংগীত পৰিচালনা।
১৯৭৮ চনঃ    আব্দুল মজিদ পৰিচালিত বনজুই আৰু ৰবীন চেতীয়া পৰিচালিত বৃন্দাবন ছবিৰ সংগীত পৰিচালনা। ১০ ছেপ্তেম্বৰত ইংলেণ্ডত বর্ণ বৈষম্য বিৰুদ্ধে সংগীত পৰিবেশন। বাংলা আমি এক যাযবৰ ৰ অভূতপূব সাফল্যৰ বাবে এইচ. এম. ভি. কোম্পানীৰ পৰা গোল্ডেন ডিস্ক লাভ। অল ইণ্ডিয়া ক্ৰিতিক এছচিয়েনৰ পৰা ভাৰতৰ শ্ৰেষ্ট লোকগীত গায়কৰ সন্মান লাভ। ভূপেন মামাৰ অ আ ক খ নামৰ গ্ৰন্থৰ বাবে ৰাষ্ট্ৰপতি পুৰস্কাৰ লাভ।
১৯৭৯ চনঃ    অসমীয়া কথাছবি মন প্ৰজাপ্ৰতি সংগীত আৰু চিত্ৰ পৰিচালনা। তিনিমাহ ধৰি আমেৰিকাৰ বিভিন্ন অনুষ্ঠানত সংগীত পৰিবেশন, আন্তজার্তিক চক্ৰত ভাষণ, ৰেডিঅ, টিভি অনুষ্ঠানত অংশগ্ৰহন, স্কুল অৱ অনাৰ লাভ। নাগীনি কন্যাৰ কাহিনী আৰু মহুৱা সুন্দৰী নামৰ দুখন মঞ্চ নাটকৰ সংগীত পৰিচালনা কৰি শ্ৰেষ্ট সংগীত পৰিচালক ৰূপে পুৰস্কাৰ আৰু বঠা লাভ।
১৯৮০ চনঃ    গৌৰী বমর্ন পৰিচালিত কথাছবি অকমৰ সংগীত পৰিচালনা। জাপানৰ বুদ্ধিজীৱী, সাংস্কৃতিক সংগঠনৰ দ্বাৰা আমন্ত্ৰিত হৈ জাপান ভ্ৰমন। বিশ্বৰ ১২০ জন সবশ্ৰের্ষ্ট গণশিল্পিৰ সৈতে মুখ্য শিল্পিৰূপে যোগদান। পৃথিৱীৰ লোকসংগীতৰ গৱেষক আৰু শিল্পি আখ্যা লাভ। প্ৰৱন্ধ সংকলন সুন্দৰৰ সৰু বৰ আলিয়েদি গীতৰ সংকলন বহ্নিমান বক্ষ্মপুত্ৰ প্ৰকাশ।
১৯৮১ চনঃ    পুনৰ জাপানলৈ আমন্ত্ৰন RA-ON গোষ্ঠীৰ পৰা বিশ্বৰ অন্যতম সুৰ শিল্পি , কণ্ঠশিল্পি আৰু পৃথিৱীৰ অন্যতম সাংস্কৃতিক ৰাষ্ট্ৰদূত আখ্যা লাভ। তথ্যচিত্ৰ Along the River Brahmputra পৰিচালনা।
১৯৮২ চনঃ    সদৌ অসম জনসাংস্কৃতিক পৰিষদৰ সভাপতি পদৰ দায়িত্ব গ্ৰহন। অপৰূপাৰ বাবে গীত ৰচনা আৰু কণ্ঠদান। পাবর্তী প্ৰসাদ বৰুৱা ৰ গীতৰ লং প্লেয়িং ৰেকডর্ত কণ্ঠদান।
১৯৮৩ চনঃ   অসম আন্দোলন আৰু অবৈধ নিবাচর্নক কেন্দ্ৰ কৰি গহপুৰ, নেলীকে আদি কৰি অসমৰ বিভিন্ন ঠাইত হোৱা সংঘাতৰ অৱসান বিচাৰি ভূপেন হাজৰিকাৰ নেতৃত্বত সমন্বয় সাংস্কৃতিক বাহিনীৰ সূচনা।
১৯৮৪ চনঃ    বঙাইগাৱঁত অনুষ্ঠিত অসম সাহিত্য সভাত সাহিত্যিকসকললৈ উদাত্ত আহ্বান- হে দেৱতা সকল মাটিলৈ নামি আহক।
১৯৮৫ চনঃ    দূৰদশর্নৰ জুৰি বডৰ অধক্ষ ৰূপে দায়িত্ব লাভ। প্ৰবীন বৰাৰ পৰিচালিত অংগীকাৰ কথাছবিৰ সংগীত পৰিচালনা। ভাৰতীয় নেশ্যনেল ফ্লিম ফেষ্টিভেল এৱার্ড, জুৰি বর্ডৰ চেয়াৰমেন হিচাপে মনোনীত।
১৯৮৬ চনঃ    জাতীয় স্তৰত দূৰদশর্নৰ বাবে চলচিত্ৰ কিনা আৰু বাচনী কমিতিৰ সদস্য মনোনীত। অসমীয়া কথাছবি যুগে যুগে সংগ্ৰাম , মা আৰু সংকল্পৰ সংগীত পৰিচালনা। ফ্লিম ডিভিজনৰ বাবে অসমীয়া কাহিনী চিত্ৰনাট্য স্বীকাৰুক্তি নিমার্ন। কল্পনা লাজমীৰ পৰিচালিত এক পল কথাছবিৰ সংগীত পৰিচালনা।
১৯৮৭ চনঃ    কাবি  কথাছবি ৰিং আং তং  আৰু অসমীয়া কথাছবি প্ৰতিশোধ ৰ সংগীত পৰিচালনা। পশ্চিমবংগত চিত্ৰজগত পত্ৰিকাৰ পৰা প্ৰথমেশ বৰুৱা পুৰস্কাৰ লাভ।
১৯৮৮ চনঃ    ১ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি ভেংকতৰমনৰ পৰা শ্ৰীমন্ত শংকৰদেৱ বটা লাভ। ৬ ফেব্ৰুৱাৰীত কলকতাৰ ৰবীন্দ্ৰ ভৱনত  উক্ত বষৰ সংগীত নাটক একাডেমী পুৰস্কাৰ গ্ৰহন। ২৪ মেত ৰাছিয়াত অনুষ্ঠিত ভাৰত উৎসৱত যোগদান।
১৯৯০ চনঃ    ৰাষ্টীয় চলচিত্ৰ  উন্নয়ন নিগমৰ বর্ড অৱ ডিৰেক্তৰৰ সদস্য মনোনীত।
১৯৯১ চনঃ    কেৰেলাত অনুষ্ঠিত আন্তজাতির্ক শিশু চলচিত্ৰ মহোৎসৱ উপলক্ষে ইণ্ডিয়ান চিলণ্ডেন ফ্লিম চচাইটিৰ দ্বাৰা গঠিত বর্ড অৱ ডাইৰেক্তৰ সদস্য মনোনীত।
১৯৯২ চনঃ    এন এফ ডি চি প্ৰযোজিত আৰু কল্পনা লাজমীৰ পৰিচালিত ৰুদালী কথাছবিৰ সংগীত পৰিচালনা।
১৯৯৩ চনঃ    অসম সাহিত্য সভাৰ ৫৯ সংখ্যক শিৱসাগৰৰ সভাপতি দায়িত্ব গ্ৰহন। ৱাইচকুর্ণি বৰা পৰিচালিত কথাছবি প্ৰিয়জনৰ সংগীত পৰিচালনা। ১৩ এপ্ৰিলত ভাৰত চৰকাৰৰ দ্বাৰা ১৯৯২ চনৰ দাদ চাহেব ফাল্কে বটা ৰূপে নিবাচির্ত।
১৯৯৪ চনঃ    জানুৱাৰী: কলকতাত অনুষ্ঠিত ভৰতীয় আন্তঃৰাষ্টিয় চলচিত্ৰ মহোৎসৱ উপলক্ষে ইণ্ডিয়ান পেনোৰামা শাখাৰ চলচিত্ৰ নিবার্চক মণ্ডলীৰ অধক্ষ নিবার্চিত। অশান্ত প্ৰহৰ কথাছবিৰ সংগীত পৰিচালক।
১৯৯৫ চনঃ    পানী কথাছবি সংগীত পৰিচালনা।
১৯৯৭ চনঃ    কেৰেলাৰ জয়ৰাজ পৰিচালিত মালায়লাম কথাছবি দেশদানৱৰ সংগীত পৰিচালনা। হিন্দী ভাষাৰ সাজ আৰু দৰমীয়া নামৰ কথাছবি দুখনৰ সংগীত পৰিচালনা। ভাৰতৰ স্বাধীনতা ৫০ তম বষর্পুতি উপলক্ষে ভৰত চৰকাৰৰ Golden Citizen India, 1947-97 সন্মান।
১৯৯৮ চনঃ    গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰ উদ্বোদ্ধনী সক্ৰিয় অংশগ্ৰহন।সংগীত নাটক একাডেমীৰ দ্বাৰা অধক্ষ ৰূপে ৰাষ্ট্ৰপতিৰ দ্বাৰা মনোনীত।
২০০০ চনঃ   মধ্যপ্ৰদেশ চৰকাৰৰ দ্বাৰা ৰাষ্ট্ৰীয় লতা মংগেশকাৰ বটা লাভ। গুৱাহাটী ৰবীন্দ্ৰ ভৱনত সংগীত নাটক একাডেমী সচিব।
২০০১ চনঃ    তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সমাৱতর্নত সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ।
২০০৪ চনঃ    বি. জে. পি দলত যোগদান। দলৰ হৈ লোকসভা নিবার্চনত অংশগ্ৰহন আৰু পৰাজয়। সতী ৰাধিকা কথাছবিত সংগীত পৰিচালনা।
২০০৯ চনঃ    ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমীয়ে একাডেমীৰ সব্বোর্চ সন্মান একাডেমী ফেলশ্বিপ আৰু সংগীত ৰত্ন সন্মান আগবঢ়ায়। ২৯ জানুৱাৰীত অসম চৰকাৰৰ সব্বোর্চ সন্মান অসম ৰত্ন লাভ। ১৩ ফেব্ৰুৱাৰীত সদৌ অসম ছাত্ৰ সন্থাই গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত প্ৰতিষ্ঠা কৰা প্ৰতিমুর্তি উদ্বোধন।
২০১১ চনঃ    মুম্বাই কোকিলাবেন ধীৰুভাই আম্বানী হস্পিটালত ভর্তি কৰোৱা হয়। গান্ধী টু হিটলাৰ শীষর্ক কথাছবিত কণ্ঠদান। ৫ নবেম্বৰ বিয়লি ৪-৩৭ বজাত মুম্বাই কোকিলাবেন ধীৰুভাই আম্বানী হস্পিটালত ইহলীলা সম্বৰণ।

                সহায়- দৈনিক জনমভূমি।

মুখা


সিহঁতৰ মুখাবোৰ খুলি দিয়া,
যিসকলে ভদ্ৰতাৰ মুখা পিন্ধি ৰাতিৰ আন্ধাৰত
নীচ্চ কর্ম কৰে।
সিহঁতৰ কাপোৰবোৰ খুলি দিয়া,
যিসকলে নিশাৰ অন্ধকাৰত নগ্ন হৈ ফুৰে।
একো অধিকাৰ নাই সিহঁতৰ,
দিনৰ ৰংচঙীয়া পোহৰত
শৰীৰটো কাপোৰৰে ঢাকি ৰাখিবলৈ,
কোনো প্ৰয়োজন নাই সিহঁতৰ,
নকল মুখা লগাই বাহিৰত ভদ্ৰ দেখুৱাবলৈ।
আমি সিহঁতৰ প্ৰকৃত পৰিচয় পাই গৈছো।
তেন্তে কুণ্ঠাবোধ কৰিছা কিয়?
পিছ হুহুকি নাযাবা তোমালোক,
আহা আগুৱাই সকলো,
আমি সিহঁতৰ মুখাবোৰ খুলি দিও।
সিহঁতৰ মুখাবোৰ খুলি দিয়া।

আপোন গাঁৱ


মনত পৰেনে সেই গাঁৱখনৰ কথা,
আহাৰ মহীয়া ভঁৰালৰ শেষ মৰণাটো মাৰি,
গৰমত,
নাঙঠ হৈ পুখুৰিত গা ধোৱাৰ কথা।
হালোৱা তলিৰ পথাৰত মাছ সেপিয়াই,
আবেলী কর্কৰা ভাত খোৱাৰ কথা।
মনত পৰেনে সেই গাঁৱখনৰ কথা,
কেতিয়াবা দাইলৰ পানী,
নতুবা,
ভাতৰ নিসনি খাই,
বাহগছত উঠি গৰু চৰুৱাৰ কথা।
আধিৰ মাটিত হাল বাই,
আধিপেটি হৈ স্কুলত নেওঁতা পঢ়াৰ কথা।
সেই গাঁৱখনলৈ মোৰ বৰকৈ মনত পৰে,
কাৰণ,
সেইখন গাঁৱত মোৰ দেউতা আছিল,
মোৰ ককাদেউতা আছিল,
আৰু মই আছিলো।

ধেমেলীয়া কবিতা



 এদিনাখন মই শুৱলৈ গলো,
কিন্তু কি আচৰিত মই দেখুন গৈ ইংলেণ্ডহে পালো,
বাঃ কি ধূনীয়া সেইখন ঠাই যেন ইন্দ্ৰৰ অময়াপুৰী,
পিছতহে গম পালো সেইখন ইংলেণ্ডৰ ৰাজধানী।
ঘুৰি পকি দেশখন থাকোতে চাই,
টপ কৰি লৈ আনিলে ৰাণীয়ে বাটতে মোক লগ পাই,
কিমান যে ধূনীয়া এই দেশৰ মহাৰাণী,
দেখিবলৈ যেন সাইলাখ স্বগৰর্হে পৰী।
যিমান দেখিবলৈ এই দেখৰ মহাৰাণী,
সিমান মৰমীয়াল ও এই মহাৰাণী।
লালমোহন ৰসগোল্লা সন্দেহ খাবলৈ দিছে মোক টেবুল ভৰাই,
মইয়ো খালো পাৰোমানে পেট ভৰাই।
যেতিয়া গম পালো নধৰে আৰু মোৰ পেটত,
তেতিয়া মই ভৰালো চোলা আৰু পেণ্টৰ জেপত।
মহাৰাণীয়ে সুধিলে মোক খাবা নেকি কেক,
জিভাত দিলেই পমি যাব নাপাবগৈ পেট।
মই কলো খাম আনি দিয়া কেক,
যদিহে নাপাবগৈ মোৰ পেট।
খালো মই কত মিঠাই পেট ফুলাই,
তাৰপিছত কলো ঘৰলৈ যাও মই এতিয়াই।
ৰাণীয়ে কলে মোক তুমি যাব নোৱৰা এতিয়াই,
তোমাক নিবলৈ দিম ৰসগোল্লা সন্দেহ আৰু বহুতো মিঠাই।
মই লগত লৈ আনিছো বিধে বিধে কত মিঠাই,
আৰু মই......,
বাটত উজুতি খাই পৰিলো খালত,
মিঠাই বোৰ পৰিল মোৰ গোটেই দেহত।
তেতিয়াহে গম পালো আছিলো মই শুই সপোনতে মিঠাই খাই,
বিচনাতে গাত পানী ঢালি দিলেহি আই।।

Wednesday 23 November 2011

অসম বুৰঞ্জী


লাচিত-দিৱস

প্ৰতিবছৰে ২৪ নবেম্বৰ দিনটো গোটেই অসমতে লাচিত বৰফুকনৰ বীৰত্ব আৰু শৰাইঘটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত দিৱস হিচাপে পালন কৰা হয় লাচিত বৰফুকনৰ চমু জীৱনী

তেখেতৰ সঠিক জন্ম, তাৰিখ, চন গম পোৱা নাযায় তেওঁৰ দেউতাক আছিল মোমাই তামূলী বৰবৰুৱা  আহোম ৰজা প্ৰতাপ সিংহ ডাঙৰ বিষয়া লাচিত আছিল মোমাই তামূলীৰ নুমলীয়া পুত্ৰঅসম বুৰঞ্জীৰ এটি উল্লেখনীয় চৰিত্ৰ - লালুকসোলা বৰফুকন লাচিত বৰফুকনৰ ককায়েক আছিল আৰু পাখৰী গাভৰু, জয়্ধ্বয় সিংহৰ কুৱঁৰী, লাচিতৰ ভনীয়েক আছিল

 লাচিতৰ শিক্ষা গ্ৰহণ

ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰা বাবে লাচিতে সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই লবলগীয়া হৈছিল লাচিতৰ জন্ম ৰাজকীয় পৰিবেশত হোৱা বাবে কৰ্তব্য পৰায়্ণ, কৰ্মনিষ্ঠা, সততা আদি গুণ পৰিয়ালৰ পৰাই পাইছিল আহোমসকলৰ এটা বিখ্যাত ফৈদ হল লুখুৰাখন ফৈদ এই ফৈদৰে লোক লাচিত এই ফৈদৰ আদি পুৰুষজন চুকাফাৰ লগতে অসমলৈ আহিছিললাচিতে একেদিনাই বৰফুকনৰ পদ পোৱা নাছিলতেওঁ প্ৰথমতে আছিল ঘোঁৰা বৰুৱাৰ পদত এই পদত থাকোঁতে তেওঁ অতি দুৰ্দান্ত ঘোঁৰাক বশ কৰিছিল ঘোঁৰা বৰুৱা, দুলীয়া বৰবৰুৱা, শিমুলগুৰীয়া ফুকন(শিমলুগুৰীৰ দুৰ্গৰ সেনাপতি), দোলাকাষৰীয়া বৰুৱা (দোলা কঢ়িওৱা আৰু পালি পহৰীয়া সকলক চলোৱা) হোৱাৰ পিছতহে স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ বৰফুকন হৈছিল
দোলাকাষৰীয়া বৰুৱা পদত থাকোঁতে লাচিতৰ দক্ষতা স্বৰ্গদেউৰ চকুত পৰে এদিনাখনৰ কথা- দোলাত বহি থকা ৰজাই লাচিতক মাতি আনি কলে- "বঙাল শত্ৰু কাষতে আছে, কেনেকৈ ছৈয়দ ফিৰোজ আৰু ছৈয়দ চালাক ধৰিব পাৰি ।" লাচিতে উত্তৰ দিলে- "স্বৰ্গদেউৰ ৰাজ্যত মানুহ নাই নেকি ? বঙালনো কি ? মানুহহে ! আমাৰ ৰাজ্যত নোলাব নেকি তেনে মানুহ | স্বৰ্গদেউ আদেশ দিবহে লাগে " | তাৰ পিচতেই লাচিতক বৰফুকনৰ ভাৰ দিয়া হৈছিলবৰফুকন পদ পোৱাৰ আগতে লাচিতে আৰু এটা পৰীক্ষাৰ সন্মুখীন হৈছিল লাচিতক ৰজাৰ ওচৰলৈ মাতি পঠিওৱা স্বৰ্গদেউৰ সমুখত আঠু লব ধৰোতেই কৰবাৰ পৰা লগুৱা এজন আহি লাচিতৰ মুৰৰ বস্ত্ৰ থাপ মাৰি লৈ গৈছিল ৰজাই এইটো পৰিকল্পিত ভাবে কৰোৱাইছিল লাচিতৰ স্বাভাবিকতেই খং উঠিল আৰু খাপৰ পৰা হেংদাঙখন (তৰোৱাল) উলিয়াই লগুৱাক খেদি গৰজাৰ হস্তক্ষেপত লগুৱা বাছিললাচিত নিৰ্ভীকতা আৰু আত্মমৰ্যদাৰ পৰীক্ষাত উত্তীৰ্ণ হৰজা চক্ৰধ্বজ সিংহ‍ই লাচিতক এখন সোনোৱালী হেংদাং পুৰস্কাৰ দি সেনাপতি আৰু বৰফুকন পদত অধিষ্ঠিত কৰিলে লাচিতে দেহে কেহে খাতি ১৬৬৭ চনৰ জহকালি আহোমৰ সেনাবাহিনী প্ৰশিক্ষন দি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰস্তুত কৰি তোলে

 "দেশতকৈ মোমাই ডাঙৰ নহয়"

প্ৰবাদ আছে যে মোগলৰ বিৰুদ্ধে যুদ্ধৰ প্ৰ্স্তুতি হোৱাৰ সময়ত তেওঁ মোগলক ভেটা দিবৰ বাবে একে ৰাতিৰ ভিতৰতে গড় (ওখ মাটিৰ দেৱাল) বান্ধিবলৈ সৈন্যসকলক আদেশ দিছিল আৰু সেই কামটো তত্বাবধানৰ দায়িত্ব তেওঁৰ মোমায়েকৰ হাতত অৰ্পন কৰিছিল শেহ ৰাতি তেওঁ চাবলৈ আহি দেখে যে কামবোৰ আগবঢ়া নাই মোমায়েকক তাৰ উত্তৰ বিচৰাত সৈন্যসকল ভাগৰুৱা হৈ পৰিছে বুলি অজুহাত দেখুৱালেনিজৰ কৰ্তব্য পিছ কৰা দেখি লাচিতে খঙত একো নাই হৈ ঠিতাতে হেংদাঙেৰে দেশতকৈ মোমাই ডাঙৰ নহয়বুলি মোমায়েকৰ শিৰশ্চেদ কৰিলে তাৰ পিছত ৰাতিৰ ভিতৰতে গড়ৰ কাম সম্পূৰ্ণ হৈছিললাচিতৰ দেশপ্ৰেম, কৰ্তব্যনিষ্ঠাৰ এইটো এটা বিৰল উদাহৰণ

 লাচিতক বিশ্বাসঘাতক সজোৱাৰ ৰামসিংহৰ অসফল প্ৰচেষ্টা

শৰাইঘাটৰ যুদ্ধৰ প্ৰথম সময়ছোৱাত মোগল সেনাপতি ৰামসিংহ‍ই লাচিতক বিশ্বাসঘাতক সজোৱাৰ বাবে প্ৰয়াস কৰিছিল ৰামসিংহ‍ই এডাল কাড়ৰ মুৰত এখন চিঠি লিখি ৰজা চক্ৰধ্বজ সিংহলৈ পঠাইছিল, আৰু চিঠিখনত লাচিত বৰফুকনক গুৱাহাটীৰ বাধা এৰি দিবলৈ এক লাখ টকা দিয়া হৈছে বুলি লিখা আছিল প্ৰধানমন্ত্ৰী অতন বৰগোঁহাইৰ বুজনিত ৰজাই ৰামসিংহৰ চতুৰালি ধৰিব পাৰিছিল

 সাহসৰ অন্তিম নিদৰ্শন

শৰাইঘাট যুদ্ধৰ শেষৰ ফালে মোগলৰ বিৰাট সৈন্য বাহিনী আগত আহোমৰ সৈন্যই জয়ৰ আশা বাদ দি পিছহুঁহুকিবলৈ আৰম্ভ কৰিছিল সেইসময়ত লাচিতৰ অতিপাত জ্বৰ উঠি আছিল সেই নৰিয়া গাৰে এখন নৌকাত উঠি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি আহিছিল আৰু সৈন্যসকলক উদ্দেশি কৈছিল-যদি তোমালোক উভতি যাব খুজিছা, যোৱা, কিন্তু স্বৰ্গদেৱে মোক এই দায়িত্ব দিছে, গতিকে ম‍ই শেষ মুহুৰ্তলৈ যুঁজ দিম মোগলে মোক লৈ যাবলৈ দিয়া তোমালোকে মাত্ৰ স্বৰ্গদেৱক ম‍ই তেওঁৰ আজ্ঞা পালন কৰি শেষ মুহুৰ্তলৈ যুঁজ দিছো বুলি কবাএইকথাখিনিয়ে সৈন্যসকলক উত্‍সাহ দিলে আৰু দুগুণ সাহসেৰে যুঁজি মোগলক পৰাস্ত কৰিলে

 লাচিত বৰফুকনৰ মৃত্যু

শৰাইঘাটৰ যুদ্ধ জয়ৰ পিছতেই লাচিতৰ মৃত্যু হৈছিল যুদ্ধৰ সময়ত তেওঁৰ তীৰকঁপে জ্বৰ উঠি আছিল আৰু সেই জ্বৰীয়া দেহেৰে যুদ্ধ কৰিছিলপিছত স্বৰ্গদেউ উদয়াদিত্য সিংহ‍ই ১৬৭২ চনত যোৰহাটৰ ১৬ কিলোমিটাৰ আঁতৰত লাচিত মৈদামনিৰ্মান কৰে
সহায়- ৱিকিপিডিয়া


Tuesday 22 November 2011

স্মৃতি

বহুদিন তোৰ কথা ভৱা নাই,
স্মৃতিবোৰ উখুনিয়াই চাবলৈ 
ফৰিংফুতা জোনাক কচুপাতত নচা নাই,
থুৰ মেলা কলপাতত হালধি কটা ৰাতি নাযায় নুপুৱাই।

সহাৰি

মই জানো তুমি পঢ়া প্ৰেমৰ কবিতা,
কিন্তু পঢ়া জানো কেতিয়াবা
হৃদয়ৰ ভাষা।
জানা,
মোৰ মোৰ হৃদয়ে যে হৃদয়ককথা নকয়,
বিচাৰে মাথো সহাৰি।

লাজ

তোমাক ভাল পাওঁ বুলি নকলো লাজতে,
গোপনে গোপনে সাঁচি থলো
হিয়াৰ মাজতে
এতিয়া শেৱালী দৰে সৰিছো প্ৰতি ৰাতিতে।

চকুপানী

তোমাক লগ নোপোৱা হলেই ভাল আছিল,
মই তোমাৰ প্ৰেমত নপৰিলো হেতেন।
তুমি মোক পাহৰি গলা সচা,
আজি মই চকুপানী নুটুকিলো হেতেন।
-প্ৰান

হাঁহি

শীতৰ সন্ধ্যা জোনাকী চোতাললে
নিয়ৰৰ দলিচা গচকি এবুকু সপোন আহে,
মেঘৰ আচল ফালি জোনাকে হাঁহিলে
তোমালৈ মনত পৰে।
-নীতু

ভালপোৱা

ভাল পাওঁ বুলিযে কাকো নাপালো কৈ,
ভালপোৱা মোৰ বাবে
এখনি অশ্ৰুৰ নৈ।
-প্ৰাঞ্জল

মৰম


মোৰ বুকুত অকলে ৰলাহি তুমি,
তোমাৰ মাজত মই বিচাৰি পাওঁ
সকলো হেৰুৱা ভালপোৱা মৰম,
তুমি আতৰি নাযাবা মোক,
এই জীৱন বাটত অকলে এৰি।
-প্ৰিয়া

Saturday 19 November 2011

প্ৰেমৰ গল্প

                                           প্ৰিয়াৰ চাৰপ্ৰাইজ
       আজি ৰাতি সপোনত মই কি দেখিলো জানা। তুমি মোক এৰি থৈ গুছি গৈছা আৰু তোমাক নাপাই মই বলীয়া হৈ গৈছো। তাৰপাছত মোৰ জীৱনলৈ আহিছে নীহা।
        নীহা কোন?
       নীহা মানে নীহাৰীকা। মোৰ লগত যে অফিচত একেলগে কাম কৰিছিল। তুমি এৰি থৈ যোৱাৰ পিছত সেই নীহাই মোৰ জীৱনৰ একমাত্ৰ সংগী হৈ পৰিল। নীহাৰ মৰমত মই সুষ্ট হলো। তাৰপিছত নীহাক মই …
          কি কৰিলা নীহাক তুমি? বিয়া পাতিলা বচ সিমানেই। মোৰ কথা এবাৰো নাভাবিলা।
        মই মোৰ সপোনৰ কথাহে কৈছো।
        বচ কৰা তোমাৰ সপোনৰ কথা। মই সৱ বুজি পাওঁ এইবোৰ সপোন নে দিঠক। কোনোবাদিনা কৰৱীৰ লগত, কোনোৱাদিনা নীহাৰ লগত এইবোৰ যে সদায়ে দেখি থকা মোক এবাৰো নেদেখা কিয়? মই তোমাৰ লগত এনেয়ে বিয়া হলো তুমি মোক ভালেই নোপোৱা।
         আঃ কিমান যে ভাল লগা সপোন আছিল, নীহাক মই বিয়া পতাৰ পিছত…
         ষ্টপ ইট্। -প্ৰিয়াই শব্দটো ইমান ডাঙৰকৈ কলে যে মোৰ সপোন বণনা ষ্টপ্ হৈ গল। মই প্ৰিয়ালৈ চালো, প্ৰিয়াৰ চকুদুটা খঙত ডাঙৰ ডাঙৰ হৈ গল। খঙত হাতেৰে লৈ থকা গাৰুটো মোৰ গালৈ মাৰি পঠিয়ালে।
         সদায়ে তুমি দেখি থাকিবা নেকি? এদিনাখন মইয়ো কাৰোৱাৰ লগত…।-প্ৰিয়াই কথাষাৰ সম্পূৰ্ণ নকৰাকৈ জোৰেৰে কোঠাৰ পৰা ওলাই গল। প্ৰিয়াই কি কব খুজিছিল মই বুজি পালো যদিও মাত্ৰ বুজি নাপালো সপোনৰ নে দিঠকৰ কথা কব খুজিছিল। ছেঃ ৰাতিপুৱাই যে কি জগৰ খন লগাই ললো । আজি অলপ বেছিয়ে হল। আজি আৰু আনদিনাৰ দৰে অফিচলৈ যোৱাৰ সময়ত প্ৰিয়াৰ পৰা সহায় সহযোগিতা পোৱাৰ আশা নাই।
         প্ৰিয়া মোৰ পৰিবাৰৰ নাম। প্ৰিয়া আৰু মোৰ মাজত মাজে মাজে খৰিয়াল লাগিয়ে থাকে। কিন্তু এইয়া মৰমৰ খৰিয়ালহে। এনেধৰনৰ খৰিয়ালে আমাৰ মৰম দুগুনে বঢ়াইহে তোলে।
       প্ৰাইভেট কোম্পানি এটাত মোৰ চাকৰি। ন বজাৰ আগতেই অফিচ পাবগৈ লাগে এনেধৰনৰ কোম্পানিত চাকৰি কৰা মানেই ব্যক্তি স্বাতন্ত্য পৰিহাৰ কৰি কোম্পানিৰ ওচৰত বিক্ৰি হৈ যোৱাৰ সমান। অৱশ্যে ইয়াৰ বিনিময়ত পোৱা লোভনীয় দৰ্মহা ঘৰ গাড়ী আদিয়ে ইয়াৰ ব্যস্ততাক পাহৰাই ৰাখে। অফিচলৈ ওলোৱাৰ সময়খিনিত প্ৰিয়াৰ পৰা উপযুক্ত সহায় যেনে- ব্ৰেকফাষ্ট সাজু কৰি দিয়া, টাইডাল আনি দিয়া আদিবোৰ সহায় নাপালে যথাসময়ত অফিচ গৈ পোৱাটো মোৰ পক্ষে সম্ভৱ নহয়। আজিও পুৱাতে গণ্ডগুলটো লগাই ললো যদিও অন্যন্য কামবোৰত প্ৰিয়াৰ পৰা সহাৰি পাইছো যদিয়ো একান্ত ব্যক্তিগত কামবোৰ নিজেই কৰিব লগা হৈছে।
          অফিচৰ যাবতীয় কামখিনি সোনকালে শেষ কৰি মই প্ৰিয়ালৈ ফোন কৰি কলো যে আজি ইভিনিং শ্ব চাবলৈ যাম তুমি ওলাই থাকিবা মই চাৰিবজাত ঘৰ পামগৈ। চাৰি বাজিবলৈ কেই মিনিটমান থাকোতে অফিচৰ অতিৰিক্ত কামখিনি সামৰি ঘৰলৈ যাবলৈ সাজু হলো। এনেতে বচ আহি মোৰ ওচৰত সাজিৰ। এতিয়াই দৰকাৰী মিটিং এখন এটেণ্ড কৰিব লাগে। প্ৰিয়াৰ লগত ইভিনিং শ্ব চোৱাত চেচাপানী পৰিল। প্ৰিয়াক কথাটো জনাই দিবলৈও সময় নাপালো। গধূলী সাত বজাৰ পিছতহে ঘৰ পালোহি। প্ৰিয়াৰ অভিমান চাগে এতিয়া দুগুনৰলৈহে বৃদ্ধি হল। দুখ লাগিল মোৰ প্ৰিয়াক কথা দি সংগ দিব নোৱৰাৰ বাবে। কিন্তু ঘৰৰ দুৱাৰ দেখুন বন্ধ। তাৰমানে প্ৰিয়া কৰবালৈ গল। মোৰ হাততো ছাবি আছে দুৱাৰ খুলি ভিতৰ সুমালো। প্ৰিয়া নিশ্চয় ওচৰৰে হাজৰীকানীৰ ঘৰলৈ গৈছে। মই গেছ ষ্টভত চাহৰ কেটলীটো বঢ়াই দিলো। এনেতে কলিং বেলটো বাজি উঠিল। নিশ্চয় প্ৰিয়া আহিছে। দুৱাৰ খুলি দিলো। মাত্ৰ হাজৰীকানীহে সুমাই অহা দেখি আচৰিত হলো।
         আপোনাৰ লগত শ্ৰীমতী নাহিল নেকি? তেওঁ চিনেমা চাবলৈ যাওঁ বুলি কেতিয়াবাই ওলাই গল। - হাজৰীকানীয়ে কলে।
            মই বাৰু প্ৰিয়াক ঘৰত ৰবলৈ কৈছিলো নে চিনেমা হলত ৰবলৈ কৈছিলো মনত নপৰা হল । কিবা ভয়ংকৰ ঘটনা এটা ঘটাৰ আগতেই প্ৰিয়াক লগ ধৰাটো উচিত হব বুলি ভাবি হাজৰীকানীক ততাতৈয়াকৈ বিদায় দি ওলাই আহিলো।
         কিছুসময়ৰ পিছতে মই চিনেমা হল পালোহি। ইতিমধ্যে পৃথিৱীলৈ আন্ধাৰ নামি আহিছিল যদিও সেই আন্ধাৰক খেদি পঠিয়াব পৰাকে ইলেকট্ৰনিক পোহৰ সেই স্থানত আছিল। সেই পোহৰতে মই প্ৰিয়াৰ সন্ধানত মই ইফালে সিফালে চালো। কিন্তু এই পৰিবেশত প্ৰিয়া ৰৈ থকাটো মই সম্ভৱ নেদেখিলো। কোনো আশা নেদেখি মই চিনেমা শেষ হোৱালৈ আপেক্ষা কৰাটোকে বিবেচনা কৰিলো। হয়তো প্ৰিয়া চাগে অকলে চিনেমা চাবলৈ গুছি গল। ইতিমধ্যে চিনেমা শেষ হল। হলৰ পৰা লানি নিছিগাকৈ মানুহ ওলাই অহাৰ দেখি অনুভৱ কৰিলো নিশ্চয় কিবা হিট চিনেমা চাগে প্ৰদৰ্শিত হৈ আছে। মোৰ চকুহালে প্ৰিয়াক বিচাৰি মানুহবোৰৰ ওপৰে ঘুৰিব ধৰিলে। সৌৱা প্ৰিয়া। মই ভিৰ ফালি প্ৰিয়াৰ ওচৰলৈ আগবাঢ়ি গলো। কিন্ত প্ৰিয়া দেখুন কোনোৱাৰ যুবকৰ বাইকৰ পিছতহে বহিলগৈ।
         প্ৰিয়া…। -মই মাতিলো। প্ৰিয়াই নুশুনিলে, নে মোক ইচ্ছা কৰিয়ে নামাতিলে। প্ৰিয়া তাৰমানে চিনেমা চাবলৈ অকলে অহা নাই সেই যুবকজন কোন যাৰ বাইকৰ পিছত প্ৰিয়া উঠি গল। ইত্যাদিবোৰ প্ৰশ্ৰৰে এটা বিষন্ন মন লৈ মই ঘৰ পালোহি। প্ৰিয়া এতিয়াও ঘৰ পোৱাহি নাই । ঘড়ীলৈ চালো মই ন বাজি গল। অলপ সময়ৰ পিছতে কলিং বেলটো বাজি উঠিল। বিনা উদ্বেগৰে দুৱাৰ খুলি দিলো। প্ৰিয়া সুমাই আহিল ভাগৰুৱা দেহা লৈ।
           তোমাৰ চাগে খং উঠিছে নহয় মোক লগ নোপোৱাৰ বাবে । প্লিজ মোক মাফ কৰি দিয়া । আজি মই তোমাৰ লগত চিনেমা চাবলৈ যাব নোৱাৰিলো।
        -প্ৰিয়াৰ কথা শুনি মই আচৰিত হলো। তাৰমানে প্ৰিয়াই মোলৈ ৰৈ নথকাকৈয়ে চিনেমা চাবলৈ গুছি গৈছিল। মই সুধিলো-
        কত গৈছিলা তুমি। ইমান দেৰীলৈকে কত আছিলা। মোক এটা ফোন কৰিও খবৰ এটা দিব পাৰিলা হেতেন।
         -মোৰ প্ৰশ্ৰৰ উত্তৰ কি দিব অলপ যেন প্ৰিয়াই ভাবিলে তাৰ পিছত কলে- হঠার্তে মোৰ প্ৰিয় বান্ধবী এজনী ওচৰলৈ যাব লগা হল।
        প্ৰিয় বান্ধৱী নে বন্ধু?- মই কম বুলি ভাবিছিলো। কিন্তু মই দেখাতো মিছাও হব পাৰে, সেয়ে নকলো। প্ৰিয়াই কথাষাৰ কৈ মোৰ ওচৰৰ পৰা আতৰি গল। যেন মোৰ ওচৰৰ পৰা ইচ্ছা কৰিয়ে আতৰি যাব বিচাৰিছে।
        আজি মোৰ ভোক নাই সেয়ে একো খাবলৈ মন যোৱা নাই। তুমি কি খোৱা খাই লোৱা। - মই এনেয়ে কৈ চালো।
         মইয়ো আজি বাহিৰতে খাই আহিছো। তুমিও খাই আহিছা যদি আজি একো নবনাও। মোৰো খুৱ ভাগৰ লাগিছে।
         কি কয় প্ৰিয়াই। মই আচৰিত হলো। আনদিনা হোৱা হলে মোক জোৰ কৰি হলেও ভাত খুৱাই হে এৰিলে হেতেন। আৰু আজি কিমান পৰিবর্তন। ৰাতিটো ভোকৰ পেটেৰে পাৰ কৰিলো।
         এদিন নহয় দুদিন নহয় আজি কেইবাদিনো প্ৰিয়াই মোৰ ওচৰত মিছা মাতি আহিছে। প্ৰিয়া যেন সকলো ক্ষেত্ৰতে মোৰ প্ৰতি আগ্ৰহ কমি আহিছে। এতিয়া প্ৰিয়াই মোৰ পৰা আগৰ দৰে মৰম বিচাৰি আব্দাৰ নুতুলা হৈছে। এতিয়া প্ৰিয়াই মোৰ লগত কথা পতাটোও কমাই দিছে। অফিচৰ পৰা ঘৰলৈ ফোন কৰিলেও আগৰ দৰে কথা নপতা হল। অফিচৰ পৰা ঘৰ পাওতে প্ৰায়ে প্ৰিয়া ঘৰত নথকাৰ সময়তহে পাওগৈ। কিবা সুধিলেও খুৱ চুটি উত্তৰ দিয়ে মোৰ ওচৰৰ পৰা আতৰি যায়। সেইদৰে মই কিবা কাৰণত পলমকৈ ঘৰ সুমালেও প্ৰিয়াই আগৰ দৰে অভিমান নকৰা হল। মুঠতে প্ৰিয়া সকলো ক্ষেত্ৰতে এক পৰিবতর্ন আহি গল।
       অফিচত থাকি মই এনেবিলাক কথাকে পাগুলি আছিলো। এবাৰ হাতত ফোনটো তুলি ললো। প্ৰিয়ালৈ ফোন এটা কৰি চাও। কিন্তু তাৰ পিছতে ভাবিলো প্ৰিয়াৰ লগত কথা পাতি লাভ নাই তাৰ পৰিবর্তে ঘৰলৈকে যোৱাৰ উচিত হব। ভবামতেই ঘৰ পালোহি। কিন্তু ঘৰত প্ৰিয়াক লগ নাপালো। ওচৰৰে হাজৰীকানীয়ে কলে যে প্ৰিয়া কোনোৱা যুবকৰ বাইকৰ পিছত বহি ওলাই গৈছে। মই লোকৰ কথাত মৰমৰ পত্নীক সন্দেহ কৰাতো উচিত হব বুলি নাভাবিলো যদিও প্ৰিয়াৰ প্ৰতি মোৰ মনটো ক্ষোভেৰে ভৰি পৰিল। বাকী সময়চোৱা পুনৰ অফিচতে কটাই মই সন্ধিয়া পাচ মান বজাত ঘৰ পালোহি। প্ৰিয়াক সুধিলো মই দিনত কৰবালে গৈছিলা নেকি? প্ৰিযাই কলে যে তাই কতো যোৱা নাই দিনটো ঘৰতে টিভি চাই আছে। এটা গোকোটা মিছা কথা। মোৰ প্ৰিয়ালৈ খুৱ খং উঠিছিল যদিও একো নকলো।
        অন্য এদিনৰ কথা। সেই দিনাৰো জৰুৰী কামত দুপৰীয়াতে ঘৰলৈ আহিব লগা হল। সেইদিনাৰো প্ৰিয়া ঘৰত নাই । হাজৰীকানীৰ পৰা জানিব পাৰিলো অন্যদিনাৰ দৰে আজিও প্ৰিয়া যুবক এজনৰ লগত কৰবালে বাইকত ওলাই গৈছে। মই অফিচলৈ ঘুৰি গলো আৰু সন্ধ্যা পাচমান বজাত ঘৰ পালোহি। তেতিয়াও প্ৰিয়া ঘৰত নাই। তাৰমানে প্ৰিয়া তেতিয়াও ঘৰ পোৱাহি নাই। মোৰ সহ্য সীমা বাহিৰ হৈ গল। নাই প্ৰিয়াক ইমান স্বাধীনতা দিয়াটো উচিত নহব। প্ৰিয়াক বিচাৰি মই ঘৰৰ পৰা বাহিৰ হলো। আজি প্ৰিয়াৰ লগত আলোচনা এটা কৰিবই লাগিব।
         চহৰখনৰ ইটো মুৰৰ পৰা সিটো মুৰলৈ কাৰখন চলাই ঘুৰি ফুৰিলো কিন্তু প্ৰিয়াক কতো দেখা নাপালো। প্ৰিয়াৰ মোবাইলত মই নম্বৰ মিলালো, আগৰ দৰে একেই উত্তৰ- চুইটচ্ অফ্। প্ৰিয়া নো কিহৰ ব্যস্ত্যতাত আছে যে মোবাইলৰ চুইটচ্ অফ্ কৰি থব লগা হৈছে বুজি নাপালো। পেটত ভোক অনুভৱ কৰাত ৰেষ্টুৰেণ্ট এখনত সুমালো কিবা এটা খাই লও বুলি। কিন্তু এইয়া দেখুন প্ৰিয়া। কোঠাটোত কম পোহৰ আছে যদিও প্ৰিয়াক চিনি পোৱাত মোৰ অকনো কষ্ট নহল। প্ৰিয়া বহাৰ নাতি দূৰৰ চকী এখনত মই বহিলো। প্ৰিয়াৰ সম্ণুখৰ চকীখনত সেই যুৱকজন বহি আছে। ঘন চুলিৰ বগা স্পর্টিং পৰিহিত মোৰ ফালে পিঠি দি বহি আছে যদিও সুদশর্ন যেনেই অনুভৱ হল। নহলেনো প্ৰিয়াক মোৰ মাজৰ পৰা ইমান সোনকালে আতৰাই নিব পাৰেনে? সিহঁতে ইমান অন্তৰগতাৰে কথা পাতি আছে যে ৰেষ্টুৰেণ্টখনত মোৰ উপস্থিতিৰ কথা প্ৰিয়াই অনুভৱেই কৰিব নোৱাৰিলে। কফি খোৱাৰ পিছত সিহঁত যাবলৈ সাজু হল। মই মোৰটো হাউলাই দিলো। তাৰপিছত সিহঁতৰ পিছে পিছে মইয়ো ৰেষ্টুৰেণ্টখনৰ পৰা ওলাই আহিলো। যুৱকজনে চলোৱা হুণ্ডা বাইকখনৰ পিছত বহি প্ৰিয়া মোৰ চকুৰ আগৰ পৰা আতৰি গল। আনদিনাৰ দৰে আজিও এটা বিষন্ন মন লৈ মই ঘৰ সুমালোহি। প্ৰিয়াও অলপ আগতেহে হয়তো ঘৰ সুমাইছে। মই একো নজনা ভাও ধৰি প্ৰিয়াক সুধিলো- প্ৰিয়া, তুমি আজি কৰবাত গৈছিলা নেকি?
          হয় গৈছিলো, অলপ আগতেহে ঘৰ সুমাইছো। - প্ৰিয়াই কলে।
        কত ঘুৰি ফুৰা তুমি আজিকালি মোক একো নজনোৱাকৈ। - মই কথাষাৰ খঙেৰে সুধিম বুলি ভাবিছিলো যদিও মাতটো কোমল হৈয়ে ওলাল।
        মোৰ বান্ধৱী এজনীৰ সমস্যা এটা হৈছে। তাই তাইৰ স্বামীক ত্যাগ কৰিব খুজিছে।
কিন্তু কিয়?- মই সুধিলো।
       তাই হেনো আন কোনোৱা মানুহক ভাল পাইছে আৰু সেয়ে বতর্মানৰ স্বামীৰ ওচৰৰ পৰা আতি আহিব বিছাৰিছে। সেয়ে তাই উপায় বিচাৰি প্ৰায়ে মোৰ ওচৰলৈ আহে। তাই এতিয়া কি কৰা উচিত বুলি তুমি ভাৱায়
         প্ৰিয়াৰ কথাষাৰ উত্তৰ কি দিম মই ভাৱি নাপালো, কাৰণ এইয়া যে প্ৰিয়াৰ বান্ধৱীৰ কথা নহয়, প্ৰিয়াৰ নিজৰ কথাহে কৈছে মোৰ বুজিবলৈ অকনো টান নহল। মই মোৰ শেষ প্ৰশ্ৰটো প্ৰিয়াক সুধিলো- তুমি তোমাৰ বান্ধৱীক কি কলা?
        মই তাইক বতমার্নৰ স্বামীৰ পৰা আতৰি আহিবলৈকে কলো, কাৰণ তাই যদি নিজৰ স্বামী সলনি আন কাৰোৱাক ভাল পাইছেই তেন্তে ভাল নোপোৱাজনৰ ওচৰত থকাৰ লাভ কি।
        তাৰমানে প্ৰিয়া মোৰ ওচৰৰ পৰা আতৰি যাব। প্ৰিয়াৰ উত্তৰ শুনি মই ইয়াকে বুজি পালো। প্ৰিয়াই বাৰু মোৰ কথা অলপো চিন্তা কৰি নাচালেনে যে মই তাইক কিমান ভাল পাওঁ। মোৰ ওচৰৰ পৰা প্ৰিয়াক বাৰু ইমান সহজতে আতৰি যাবলৈ দিম জানো। কিন্তু প্ৰিয়াক মই সচা অন্তৰেৰে ভাল পাও। গতিকে প্ৰিয়াৰ ইচ্ছাক মই বাধা দিবলৈ নিবিচাৰো। প্ৰিয়া অতি সোনকালেই মোৰ ওচৰৰ পৰা আতৰি যাবগৈ। গতিকে এইকেইদিন প্ৰিয়াক মই মনৰ ইচ্ছাৰে মৰম কৰি যাব বিচাৰো।
      যোৱা দুদিন ধৰি এনেবিলাক কথা ভাবিয়ে শোৱা খোৱা আদিকে ধৰি মোৰ একো কামতে মন নবহা হল। মোৰ এই অৱস্থা দেখি প্ৰিয়াই চিন্তিত হৈ আছে যদিও এই মৰম আৰু কিমানদিনলৈ। কিছুদিনৰ পিছতে প্ৰিয়া মোৰ জীৱনৰ পৰা আতৰি আনৰ হৈ যাবগৈ। তেতিয়া মোৰ নিচেই আপোন আৰু কোনোৱে নাথাকিব।
        অফিচৰ কামখিনি খৰধৰকৈ সোনকালে সামৰি ঘৰলৈ যাবলৈ সাজু হলো। অলপ আগতে প্ৰিয়াই ফোন কৰি মোক ঘৰলৈ মাতি পঠিয়াইছে। হয়তো চূড়ান্ত সিন্ধান্ততো আজিয়ে হব।
        কিছু সময়ৰ পিছতে মই ঘৰ পালোহি। ঘৰৰ আগত ৰখাই থোৱা হুণ্ডা বাইক খন দেখি মোৰ অনুমান নিশ্চিত হলো যে সেই যুৱকজন আজি মোৰ ঘৰতে আছে প্ৰিয়াক মোৰ কাষৰ পৰা আতৰাই নিবলৈ। দুৱাৰৰ কলিং বেলত মই হাত দিলো, প্ৰিয়াই দুৱাৰ খুলি দিলে।
      তুমি আহিলা, মই যে কৈছিলো ডাইভর্চৰ কথাটো..., আজিয়ে শেষ কৰিলো..., আজিৰ পৰা ...... লগত ... একো সম্পর্ক নাই।
       প্ৰিয়াই কোৱা কথাবোৰ মোৰ মুৰত নুসুমাল। মই চোফাখনত ধমহকৈ বহি দিলো। মোৰ আগত এইয়া প্ৰিয়াৰ প্ৰিয়তম যুবকজন। মই প্ৰিয়াক ভলদৰে ৰাখিবলৈ যুবকজনক কবলৈ তেৱলৈ চালো।
        কিন্তু...!!!
       মোৰ কৰবাত ভোল হৈ গৈছে নেকি ধৰিব নোৱাৰিলো। মই যুৱকজনৰ মুখলৈ চালো যদিও তেওঁক একো কব নোৱাৰিলো।
         মই যে কৈছিলো মোৰ বান্ধৱী এগৰাকী কথা, এইয়া মণি। তাই আজি কর্টত পূব স্বামীক ডাইর্ভচ দিলে। - প্ৰিয়াই মোৰ সম্মুখৰ জনক উদেশ্যি কলে। মই সম্মুখলৈ চালো। কিন্তু এইয়া কি? এইজন চোন মই ভৱাৰ দৰে কোনোৱা সুদর্শন যুৱক নহয়। ঘন চুলি চুটিকৈ কটা, লংপেণ্ট চার্ট পৰিহিতা, বাইক দৌৰাই ফুৰা এগৰাকী যুৱতীহে। মই ইমানদিনে কল্পনা কৰি থকা মানুহজন যুৱক নহয় এগৰাকী যুৱতীহে নেকি। তাৰমানে প্ৰিয়াই সচাকৈয়ে তাইৰ বান্ধৱীৰ বিষয়ে মোক কৈছিল।
         প্ৰিয়া, তুমি মোক ডাইভর্চ নিদিয়া তেনেহলে? –মই প্ৰিয়াক সুধি পেলালো। প্ৰিয়া মোৰ অপ্ৰত্যাশিত প্ৰশ্ৰত আচৰিত হল। তাৰপিছত মোৰ দুৱাহুৰ মাজত সুমাই কলে- তোমাক ডাইভর্চ দিয়াৰ আগতে মই মৰি যাম জান!
      উঃ মই যেন এটা ডাঙৰ বিপদৰ পৰা মুক্ত হলো। প্ৰিয়াক মই জোৰকৈ সাৱতি ধৰিলো।
..................................সমাপ্ত...............................

Friday 18 November 2011

কবিতা


তুমি সুমথিৰা উশাহ এটাৰ আঙুলিত
লহপহকৈ বাহি অহা
স্পন্দিত ডৰিয়লিৰ
এবুকু সুগন্ধিত
কেচাপতিয়া সপোন
মোৰ বুকুৰ উপত্যকাত
মেটমৰা ঘৰ সজা পূণিমাৰ জোন….।

কবিতা

দুচকুত মেঘ বৰষে

বুকু শিল হৈ শোৱে

যেতিয়া ভালপোৱাই বিষ নিগৰাই

হিয়াৰ বাহিৰে ভিতৰে।

কৌতুক

বান্তা সিঙে কম্পিউটাৰ পৰীক্ষা দিছে।
এটা প্ৰশ্ন আহিল- মাইক্ৰচফত এস্কেল কি?
-ই হৈছে চাৰ্ফ এস্কেলৰ নতুন ব্ৰেণ্ড যাক কাপোৰ  ধুবলৈ ব্যৱহাৰ কৰা হয়।
_

Tuesday 15 November 2011

মনৰ কথা

মনত খুদুৱনি সৃষ্টি কৰি থকা কিছুমান কথা যিবিলাক কবলৈ আপুনি উপযুক্ত সংগী পোৱা নাই ইয়াত কব পাৰে শুনিবলৈ আমি আছো।